Local, Vocal, Global

Shimla landslide : হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন; কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

নেশ্যনেল ডেস্ক, ১৬আগষ্ট : হিমাচল প্ৰদেশত প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ । হিমাচল প্ৰদেশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ভূমিস্খলনে ৷ বিগত কেইবাদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত ঠায়ে ঠায়ে সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা(Shimla landslide) ৷

হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত ১৪ আগষ্ট অৰ্থাৎ সোমবাৰে পুৱা ৭ বজাত মূষলধাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ কবলত পৰে এটা শিৱ মন্দিৰ(Shimla Landslide) । এই ঘটনাত ২৫ জনৰো অধিক লোক ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । বৰ্তমানো সন্ধানহীন হৈ আছে প্ৰায় ২০ৰ পৰা ২৫জনকৈ লোক । সোমবাৰে সংঘটিত হোৱা এই ভয়ংকৰ ভূমিস্খলনৰ ফলত মৃত্যু হৈছে ১১ গৰাকীকৈ অধিক লোকৰ ৷

মঙলবাৰে উদ্ধাৰ হয় ৩টা মৃতদেহ । জানিব পৰা মতে এতিয়াও উদ্ধাৰ হোৱা বহু লোকৰ পৰিচয় জানিব পৰা হোৱা নাই (Devastating Rain Related Tragedy Strikes Himachal Pradesh) ।

আনহাতে ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ । ইফালে এটা নলাৰ পৰা উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ । শিৱ মন্দিৰটোৰ কাষেৰে বৈ যোৱা নলা এটিত উদ্ধাৰ হৈছে মৃতদেহটো আৰু এই নলাটোত বহুলোকৰ উটি যোৱাৰ আশংকা কৰিছে উদ্ধাৰকাৰী দলে । এই নলাটোৰ পৰা এক কিলোমিটাৰ দূৰত উদ্ধাৰকাৰীয়ে দলে অভিযান চলাই আছে ৷ এই ভূমিস্খলনৰ ফলত প্ৰায় ২০ ৰ পৰা ২৫ জন লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে (Several houses collapse in major landslide at Shimlas Krishna Nagar) ৷

এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ভূমিস্খলনে । ভূমিস্খলনৰ ফলত মঙলবাৰে তাচপাতৰ দৰে খহি পৰে ৮টাতকৈও অধিক ঘৰ আৰু বহু যান-বাহন ৷ তাচপাতৰ দৰে খহি পৰা ঘৰসমূহত মানুহ আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে(Houses collapse after landslide in Shimla) ।

এই ভয়ংকৰ ঘটনাৰ খবৰ লাভ কৰাৰ পাছত উক্ত স্থানত উপস্থিত হয় জিলা আয়ুক্তসহ আন আন প্ৰশাসনিক বিষয়া তথা উদ্ধাৰকাৰী দল আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । এতিয়াও ধ্বংসাৱশেষৰ মাজত বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । ধ্বংসাৱশেষৰ পৰা এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় । মৃত্যু ব্যক্তিজনক নবীন ভল্লা বুলি চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক :Shimla Landslide : হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন, মৃতকৰ সংখ্যা ১১গৰাকীলৈ বৃদ্ধি