Local, Vocal, Global

১০ গৰাকী অজন্তা গ’লেও কংগ্ৰেছৰ ক্ষতি নহয় : ৰিপুন বৰা

প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাটৰ কংগ্ৰেছ বিধায়িকা অজন্তা নেওগৰ বিজেপি গমনৰ বাতৰিক একপ্ৰকাৰ নিশ্চিত কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। অজন্তা নেওগে ৰহস্যজনকভাৱে বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত বহাৰ পিছতে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে গেৰুৱা বসন পিন্ধিব পাৰে বুলি চৰ্চা চলিছিল। এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ক’লে- অজন্তা নেওগে কংগ্ৰেছক বিশ্বাসঘাতকতা কৰিছে। অজন্তা নেওগক কংগ্ৰেছ দলে বহুত দিলে। কিন্তু এতিয়া ক্ষুদ্ৰ স্বাৰ্থৰ বাবে কংগ্ৰেছক বিসৰ্জন দিব খুজিছে নেওগে। ৰিপুন বৰাৰ মন্তব্য- ‘স্বামীৰ আদৰ্শক বিসৰ্জন দিবলৈ ওলোৱা অজন্তা নেওগৰ বিজেপি গমনে কংগ্ৰেছৰ কোনো ক্ষতি কৰিব নোৱাৰে। ১০গৰাকী অজন্তা নেওগ গ’লেও ক্ষতি নহয় কংগ্ৰেছৰ।’