Local, Vocal, Global

বাধ্যতামূলক নহয় ক’ভিড ভেকচিন, ইচ্ছা থাকিলেহে দিয়া হ’ব ভেকচিন

কৰ’নাৰ ভেকচিন লোৱাটো দেশৰ কোনো নাগৰিকৰ বাবে বাধ্যতামূলক নহয়। যিসকলে ভেকচিন ল’বলৈ ইচ্ছুক সেইসকলেহে অনলাইনত নাম ভৰ্তি কৰিব পাৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ পৰা এই কথা জনোৱা হৈছে। মন্ত্ৰ্যালয়ৰ পৰামৰ্শ কৰ’নাৰ সংক্ৰমণ ৰুধিবলৈ ২৮ দিনৰ ব্যৱধানত দুবাৰকৈ টিকাকৰণ কৰাব লাগিব। ক’ভিড ভেকচিনৰ বাবে এতিয়া সকলো অপেক্ষাৰত। বৃহস্পতিবাৰে নিশা টিকাকৰণক লৈ ৱেবছাইটযোগে বহুকেইটা প্ৰশ্নৰ উত্তৰ দিলে মন্ত্ৰ্যালয়ে। কোৱা হৈছে ক’ভিড ১৯ৰ টিকাকৰণ সম্পূৰ্ণৰূপে স্বেচ্ছামূলক। যদিওবা পৰিয়ালৰ সদস্য, বন্ধু-বান্ধৱ, সহকৰ্মীক কৰ’নাৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ প্ৰত্যেকে ভেকচিনৰ সম্পূৰ্ণ ডোজ ল’বলৈ পৰামৰ্শ দিছে মন্ত্ৰ্যালয়ে। যিসকলে ক’ভিড ভেকচিন ল’বলৈ আগ্ৰহী সেইসকলে নিজৰ নাম, ফটো, পৰিচয় পত্ৰ দি ৰেজিষ্ট্ৰেচন কৰিব লাগিব। ৰেজিষ্ট্ৰেচনৰ বাবে ড্ৰাইভিং লাইচেন্স, মনৰেগা, জবকাৰ্ড, পানকাৰ্ড, বেংক বা ডাকঘৰৰ পাছবুক, চৰকাৰী-বেচৰকাৰী সংস্থাৰ আই কাৰ্ড অথবা ভোটাৰ কাৰ্ডৰ কোনো এখন জমা কৰিলেই হ’ল। অনলাইনত ৰেজিষ্ট্ৰেচনৰ পিছত ভেকচিন ল’বলৈ ইচ্ছুকসকলে ৰেজিষ্টাৰ কৰা ম’বাইল নম্বৰত সকলো তথ্য লাভ কৰিব।