Local, Vocal, Global

অশ্বিনৰ দুৰ্ধৰ্ষ বলিঙত দিশহাৰা অষ্ট্ৰেলিয়া, ৫৩ ৰানৰ অগ্ৰগতি ভাৰতৰ

এডিলিট অভেলত ভাৰতীয় বেটছমেনে হতাশ কৰিলেও বলাৰৰ উজ্জ্বীৱিত প্ৰদৰ্শনত প্ৰথম ইনিংছত অগ্ৰগতি লাভ কৰিলে কোহলিৰ দলে। চাৰিখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত চমকপ্ৰদ বলিঙেৰে অষ্ট্ৰেলিয়াৰ চাৰিটাকৈ উইকেট দখল কৰিলে অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে। ভাৰতৰ প্ৰথম ইনিংছৰ ২৪৪ ৰানৰ বিপৰীতে নিজৰ প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই টীম পেইনৰ ৭৩, লাবুছানেৰ ৪৭ ৰানৰ সহায়ত সংগ্ৰহ কৰে মাত্ৰ ১৯১ ৰান। ভাৰতৰ হৈ অশ্বিনৰ ৪, উমেশ যাদৱৰ ৩, বুমৰাহৰ ২টা উইকেট লাভ। টিম পেইন আৰু লাবুছানেৰ বাহিৰে কোনো বেটছমেনেই ভাৰতৰ বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে। কেইবাটাও কেটছ ড্ৰপ কৰিলেও সামগ্ৰিকভাৱে ভাৰতৰ বলিং আক্ৰমণ আছিল ক্ষুৰধাৰ। তিনিটা দিন বাকী থকা অৱস্থাত ভাৰত-অষ্ট্ৰেলিয়া শৃংখলাৰ প্ৰথমখন পিংক বল টেষ্টত ভাৰতৰ এই প্ৰদৰ্শনত সুখী টীম ইণ্ডিয়াৰ অনুৰাগীসকল।