IITBৰ যুটীয়া প্ৰৱেশ পৰীক্ষাৰ ফলাফল ঘোষণা
নিউজ ডেস্ক, ১১ ছেপ্তেম্বৰ : ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান-বোম্বাই (IITB)য়ে দেওবাৰে যুটীয়া প্ৰৱেশ পৰীক্ষাৰ (JEE) ফলাফল প্ৰকাশ কৰে।
উপস্থিত হোৱা প্ৰাৰ্থীসকলে তেওঁলোকৰ ফলাফল পৰীক্ষা কৰিব পাৰে আৰু জেইই এডভান্সড ৱেবছাইটৰ পৰা তেওঁলোকৰ স্ক’ৰবোৰ্ড ডাউনলোড কৰিব পাৰে।
ফলাফলটো শিক্ষাৰ্থীসকলক তেওঁলোকৰ পঞ্জীভুক্ত ম’বাইল নম্বৰত মেছেজৰ জৰিয়তে জাননী দিছিল।
JEE এডভান্সড ২০২২ পৰীক্ষাত, ১২৪ খন চহৰৰ ৫৭৭ টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল আৰু দুয়োখন কাকত ১ আৰু ২ ৰ বাবে প্ৰায় ১,৫৫,৫৩৮ জন প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল।
ইফালে, যোগ্য প্ৰাৰ্থীসকলে ১১ ছেপ্টেম্বৰৰ পুৱা ১০:০০ বজাৰ পৰা ১২ ছেপ্টেম্বৰৰ সন্ধিয়া ৫:০০ বজালৈ আৰ্কিটেকচাৰ এপ্টিটিউড টেষ্টৰ (AAT) বাবে নিজকে পঞ্জীয়ন কৰিব পাৰিব।
পৰীক্ষাটো ১৪ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা ১২ বজাৰ ভিতৰত অনুস্থিত হ’ব আৰু ফলাফল ১৭ ছেপ্টেম্বৰত সন্ধিয়া ৫ বজাত ঘোষণা কৰা হ’ব।
প্ৰতিবেদন অনুসৰি, যুটীয়া আসন আৱণ্টন (JoSAA) ২০২২ প্ৰক্ৰিয়াৰ অস্থায়ী তাৰিখ ১২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব।