ভিক্টৰ দাসৰ ছাত্ৰ অম্লানজ্যোতি দত্তক জেৰা পানবজাৰ আৰক্ষীৰ
নিউজ ডেস্ক, ১১ ছেপ্তেম্বৰ : ভিক্টৰ দাসৰ ছাত্ৰ অম্লানজ্যোতি দত্ত পানবজাৰ আৰক্ষীৰ তলৱ। ভিক্টৰ দাসে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত অম্লানে মুখ খুলিছিল সংবাদ মাধ্যমত।
চাকৰিৰ নামত ৭ লাখ টকা দালাল চক্ৰই সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল অম্লানে। সেই সন্দৰ্ভত আজি মহানগৰ আৰক্ষীয়ে তলব কৰিছে অম্লানজ্যোতিক।
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত প্ৰাক্তন বিধায়কে ৩-৫ লাখ টকা সংগ্ৰহৰ টুইটাৰ যোগে অভিযোগ উত্থাপন কৰি প্ৰথমে গুৱাহাটী আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈছিল ভিক্টৰ দাস৷
তাৰ পাছতে অভিযোগৰ দৰেই তথ্য দাখিল কৰাব নোৱাৰাত শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰা হৈছিল ভিক্টৰ দাসক৷ তাৰ পাছতে শুক্ৰবাৰে দিনটো মাৰাথন জেৰা চলোৱাৰ অন্তত আজি সন্ধিয়া আৰক্ষীয়ে কামৰূপৰ মুখ্য ন্যায়াধিশৰ দণ্ডাধীশৰ আদালতত হাজিৰ কৰে ভিক্টৰ দাসক৷ আদালতে ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ভিক্টৰ দাসক।