দুৰ্নীতিৰ সম্ৰাট মুখ্যমন্ত্ৰীৰ আসনত, মানুহক ভয় খুৱাইছে চৰকাৰে
নিউজ ডেস্ক, ১১ ছেপ্তেম্বৰ : ভিক্টৰৰ কাষত থিয় দিলে অসম প্ৰদেশ কংগ্ৰেছে। পান বজাৰ আৰক্ষীৰ থানাত উপস্থিত হ’ল ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছৰ প্ৰতিনিধি দল।
পানবজাৰ আৰক্ষীয়ে ভিক্টৰক সাক্ষাৎ কৰিব নিদিলে আৰু আদালতৰ অনুমতি লৈহে সাক্ষাৎ কৰাৰ পৰামৰ্শ প্ৰদান কৰিলে ভূপেন বৰাক।
ভিক্টৰৰ বাবে জ্যেষ্ঠ অধিবক্তাৰ নিয়োগ কৰিব কংগ্ৰেছে। বৰাই কয় ‘চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা ৭১ কোটি সংগ্ৰহ মুখ্যমন্ত্ৰীৰ। এইবাৰ পালি-প্ৰহৰীয়ে লাগি লাগিছে ধন সংগ্ৰহ কৰাত। সীমান্ত কলিতা, ভিক্টৰক গ্ৰেপ্তাৰ কৰিলে নহ’ব। তেওঁলোকে উত্থাপন কৰা অভিযোগৰ তদন্ত হ’ব নে নাই। চৰকাৰে মানুহক ভয় খুৱাইছে। ধৰ্মৰ উত্তেজনাৰ কথা বিয়পোৱাৰ অভিযোগ আনিছে। ভিক্টৰ দাসে ধৰ্মীয় উত্তেজনা বিয়পাইছে নে কি বুলি প্ৰশ্ন বৰাৰ।
দুৰ্নীতিৰ সম্ৰাট অসমৰ মুখ্যমন্ত্ৰীৰ আসনত। সেইজন মানুহে নিজৰ চৰকাৰৰ দুৰ্নীতি ঢাকিবলৈ প্ৰয়াস কৰিবই।
চাকৰি দিয়াৰ নামত তামোল এখন নাখাও বুলি মুখ্যমন্ত্ৰীৰ দিনত ধন লোৱাৰ অভিযোগ উঠিছে৷ অভিযোগৰ তদন্ত হ’ব লাগে কিন্তু অভিযোগকাৰীক আচামী সজোৱা হৈছে৷ মই প্ৰথমে কৈছিলো চাকৰি নামত আবেদন কৰিয়েই প্ৰথমটো দুৰ্নীতি কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ আবেদনৰ নামত নিবনুৱাৰ পৰা ৭১ কোটি ৬১ লাখ টকা সংগ্ৰহ কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ আজি ভিক্টৰ দাসক পানবজাৰ আৰক্ষী থানাত সাক্ষাৎতৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনেদৰে আক্ৰমণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ কিন্তু গুৱাহাটী আৰক্ষীয়ে ভিক্টৰ দাসক সাক্ষাতৰ অনুমতি প্ৰদান নকিৰলে৷ আদালতৰ অনুমতি লৈহে সাক্ষাতৰ দোহাই দিয়ে৷
শুকুৰবাৰে নিশা গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ভিক্টৰ দাস৷ তৃতীয়, চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ আনিছিল ভিক্টৰ দাসে।
২৩, ২৮ আগষ্টত অনুষ্ঠিত হৈছিল তৃতীয়, চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষা। ভিক্টৰ নামৰ যুৱকজন আছিল এজন পৰীক্ষাৰ্থী।
পিছ দুৱাৰেদি নিযুক্তিৰ বেহা চলাৰ অভিযোগ আনিছিল ভিক্টৰে। পদ অনুযায়ী ৩-৮ লাখ পৰ্যন্ত সংগ্ৰহৰ অভিযোগ আনিছিল ভিক্টৰে। একাংশ প্ৰাক্তন বিধায়ক চাকৰি কেলেংকাৰীত জড়িতৰ অভিযোগ ভিক্টৰৰ।