Local, Vocal, Global

হাৰ্ট এটেকত আক্ৰান্ত ৰেম’ ডিছ’জা

বলীউডৰ এগৰাকী জনপ্ৰিয় নৃত্য নিৰ্দেশক, ছবি নিৰ্মাতা ৰেম’ ডিছ’জা আক্ৰান্ত হৈছে হাৰ্ট এটেকত। শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা। নাচবলিয়ে, জাষ্ট ডান্স, ডান্স ইণ্ডিয়া ডান্সৰ দৰে জনপ্ৰিয় ৰিয়েলিটী শ্ব’ত বিভিন্ন সময়ত বিচাৰকৰ আসন শুৱনি কৰি আহিছে ৰেম’ ডিছ’জাই। ৰেম’ৰ নৃত্যশৈলীয়ে ভাৰতৰ বহুসংখ্যক লোকক অনুপ্ৰাণিত কৰিছে। উঠি অহা বহু যুৱ প্ৰজন্মক বলীউডত প্লেটফৰ্ম দি ৰেম’ই যুৱ প্ৰজন্মৰ মাজত এক সুকীয়া স্থান দখল কৰিছে৷আৰু হঠাতে শুকুৰবাৰে ৰেম’ ডিছ’জা হাৰ্ট এটেকত আক্ৰান্ত হোৱা বাতৰিয়ে তেওঁৰ অনুৰাগীসকলক মৰ্মাহত কৰি তুলিছে৷বৰ্তমান মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত চিকিৎসাধীন হৈ আছে তাৰকাগৰাকী। সংবাদ মাধ্যমক পৰিচালক আহমদ খানে এই ঘটনাৰ বিষয়ে জানিবলৈ দিয়ে। বৰ্তমান আইচিইউত চিকিৎসাধীন হৈ আছে ৰেম’ ডিছ’জা। ৰেম’ ডিছ’জাক হাস্পতালতে চোৱা-চিতা কৰিছে তেওঁৰ পত্নী লিজেলে। চিকিৎসকে সদৰী কৰা মতে বৰ্তমান ৰেম’ৰ স্বাস্থ্য কিছু পৰিমাণে সুস্থিৰ। অতি শীঘ্ৰে পুনৰ চিনেমাৰ শ্বুটিং আৰম্ভ কৰিব ৰেম’ ডিছ’জাই।