Local, Vocal, Global

ঠাণ্ডাৰ দিনত চাবোনেৰে গা নুধুব!

ঠাণ্ডাৰ আগমনৰ লগে লগে শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে ছাল শুকান হোৱা, চুলিৰ সমস্যা, গোৰোহা সমস্যা ইত্যাদি। এই ৰোগসমূহৰ ভিতৰত প্ৰধানকৈ ঠাণ্ডাৰ দিনত অধিক লোকৰে শৰীৰত দেখা দিয়ে ছালৰ সমস্যা। শীতৰ আগমনৰ লগে লগে আমাৰ ছালসমূহ শুকান হ’বলৈ আৰম্ভ কৰে। দেহত পানীৰ পৰিমাণ কম হ’লে শৰীৰৰ ছাল শুকান হৈ পৰে। বিভিন্ন উপায়েৰে শুকান ছাল মিহি আৰু সতেজ কৰি ৰাখিব পাৰি। প্ৰচুৰ পৰিমাণে পানী খোৱাৰ লগতে ফল-মূল, শাক-পাচলি আদি শীতৰ সময়ত খাব লাগে। বেছি তেল-মছলাজাতীয় খাদ্য বস্তু খাব নালাগে। মুখত দুচামুচ হালধিৰ লগত গাখীৰ মিহলাই সদায় ৰাতি শোৱাৰ আগত লগালে মুখৰ উজ্বলতা বাঢ়ে। ইয়াৰ উপৰি চকুৰ গুৰি ক’লা পৰিলে তিঁয়হ নতুবা আলু পাতলকৈ কাটি চকুৰ ওপৰত অলপ সময় লগালে সুফল পোৱা যায়। ছাল কুঁৱৰীৰ ৰস অলপ সময় লগাই ৰাখি পিছত ভালকৈ ধুই দিব লাগে। ইয়াৰ ফলত ছালৰ শুকান ভাব নোহোৱা হয়। বিলাহী আৰু গাখীৰ মিহলাই এটুকুৰা কপাহৰ জৰিয়তে ছাল পৰিস্কাৰ কৰিলে ছালৰ মৃত কোষবোৰ চাফা হয়। শীতৰ সময়খিনিত চাবোনেৰে গা ধুলে ছালখন বেছি শুকান হৈ পৰে। সেইবাবে গা ধুই গ্লিচাৰিনৰ লগত পানী মিহলাই ছালত লগোৱাৰ উপৰিও নেমুৰ ৰস অকণমান মিঠাতেল মিহলাই লগালেও ছালখন সতেজ হয়। শীতৰ সময়ত গোৰোহা ফটাৰ সমস্যাই দেখা দিয়ে। ভৰিৰ গোৰোহা ফাটিলে গৰম পানীত অলপ চেম্পু মিহলাই ভৰি দুখন অলপ সময় পানীত তিঁয়াই ৰাখি ভালকৈ ধুই দি মম-নাৰিকল তেল গৰম কৰি ঠাণ্ডা হোৱাৰ পিছত লগালে ভৰিৰ গোৰোহা ফটা বহু উপশম পোৱা যায়।