Local, Vocal, Global

বিগ বছৰ ঘৰত পুনৰ আলী আৰু নিকি তাম্বুলী

টেলিভিচন ইণ্ডাষ্ট্ৰীৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ কালাৰ্ছ টিভিৰ বিগ বছ। বলীউডৰ বজৰংগী ভাই ছলমান খান স্বতঃস্ফূৰ্তভাৱে জড়িত এই অনুষ্ঠানত। বহু বছৰ ধৰি চল্লুভাই ঘোষকৰ ভূমিকা পালন কৰি আহিছে বিগ বছে। বৰ্তমান বিগ বছ ফাইনেল উইক চলি আছে। ৰাহুল বৈদ্যই ঘৰৰ পৰা নিজেই ওলাই যোৱাৰ পিছত ঘৰত প্ৰৱেশ কৰিলে বিতৰ্কিত ৰাখি শ্বাৱন্ত, আৰ্চি খান, বিকাশ গুপ্তা, ৰাহুল মহাজন, মনু পাঞ্জাৱী আৰু কাশ্মীৰা। ৱাইল্ড কাৰ হিচাপে প্ৰৱেশ কৰা এইকেইগৰাকী হৈছে বিগ বছ চেলেঞ্জাৰ্ছ। ফাইনেলিষ্টৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিগ বছৰ ঘৰত প্ৰৱেশ কৰে এইকেইগৰাকীয়ে। কিন্তু চীন পল্টেগাৰ সামৰণি ইয়াতেই নপৰিল। শুকুৰবাৰে পুনৰ ঘৰত সোমালহি ঘৰৰ পৰা বাহিৰ হোৱা নিকি তাম্বুলী আৰু আলী। এতিয়া সকলোৰে মাজত এটাই চৰ্চা কোনে কাক ৰখাব, কোনে কাক বচাব? কোন হ’ব বিগ বছ ১৪ৰ উইনাৰ?