Local, Vocal, Global

প্ৰসংগ : অগ্নিপথ আঁচনি

নিউজ ডেস্ক, ১৭ জুন : নূপুৰ শৰ্মাৰ বিৰুদ্ধে সৃষ্টি হোৱা প্ৰতিবাদৰ অন্ত নহওঁতেই শেহতীয়া কৈ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অগ্নিপথ আঁচনিক লৈ দেশজুৰি সৃষ্টি হৈছে প্ৰতিবাদৰ।

অগ্নিপথ আঁচনি প্ৰত্যাহাৰৰ দাবীত উত্তাল Hariana, Uttar Pradesh , Madhya Pradesh, Uttarakhand, West Bengal , Rajasthan, Sikandrabadৰ লগতে আৰু বহু কেইখন ৰাজ্য।

উত্তাল প্ৰতিবাদকাৰীৰ ঠায়ে ঠায়ে হিংসাত্মক কাৰ্যসূচী, আৰক্ষীৰ লগত হতাহতি , জ্বলাই দিয়ে কেইবাখনো বাহন ।তেলেংগনাৰ সিকন্দাৰাবাদত উদণ্ড প্ৰতিবাদকাৰীয়ে যাত্ৰীবাহী ৰেল জ্বলাই দিয়াৰ ফলত এজনৰ মৃত্যু হয়।

কেইবাখনো ৰাজ্যত জাৰি কৰা হয় ১৪৪ ধাৰা । বিহাৰ হাৰিয়ানাৰ পাছত এতিয়া অসমতো অগ্নিপথ বিৰোধী প্ৰতিবাদ। উত্তাল প্ৰতিবাদত কঁপি উঠিল Jorhat । কেন্দ্ৰীয় চৰকাৰক অগ্নিপথ আঁচনি প্ৰত্যাহাৰৰ দাবীত আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত প্ৰতিবাদকাৰী। সমগ্ৰ অঞ্চলটোত এতিয়াও অব্যাহত প্ৰতিবাদমূলক কাৰ্যসূচীৰ। হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীয়ে ৰাজপথত অবৰোধ কৰিছে।