Local, Vocal, Global

ছিপাঝাৰত ননৈ নদীৰ কালৰূপ

নিউজ ডেস্ক, ১৭ জুন : ৰাজ্যৰ অপৰিৱৰ্তিত বান পৰিস্থিতিৰ মাজত এইবাৰ Sipajharত Nonoi নদীয়ে ধাৰণ কৰিছে কালৰূপ।

নিশাটোৰ ভিতৰতে ফেনে-ফুটুকাৰে বাঢ়ি অহা ননৈ নদীয়ে পাঁচ ঠাইত চিঙিলে মথাউৰি যাৰ ফলত সৃষ্টি হয় এক আতংকময় পৰিৱেশৰ।

পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত ৰত্নাৱলী সমীপত ননৈ পশ্চিম মথাউৰি, কাইকিয়াপাৰাত ননৈ পূৱ মথাউৰি ,চেঙেলীয়াঝাৰ কুমাৰপাৰা গাৱত ননৈ পশ্চিম পাৰৰ মথাউৰি , নগাঁও হিৰাপাৰাত পশ্চিম দিশৰ মথাউৰি , ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শ’লপামৰ পশ্চিম দিশৰ মথাউৰিকে আদি কৰি পাঁচটাকৈ স্থানত ননৈ নদীৰ মথাউৰি ভগাত মুহুৰ্ততে হুৱা-দুৱা লাগে লোকসকলৰ মাজত।

ননৈ নদীৰ বানে বহুতো লোকৰ ঘৰ-দুৱাৰ ভাঙে আৰু বৰ্তমান ৰাজপথকে আদি কৰি, বহুলোকৰ ঘৰ-দুৱাৰ সকলো পানীৰ তলত।