Local, Vocal, Global

ঋষভ পণ্ট প্ৰশংসাত কি ক’লে ভাৰতৰ মুখ্য প্রশিক্ষক শাস্ত্ৰীয়ে ?

ভাৰতৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে ঋষভ পণ্টক তেওঁৰ শেহতীয়া প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰিছে। প্ৰশংসা কৰি শাস্ত্ৰীয়ে কয়, যোৱা দুমাহত পণ্টে ভাৰতীয় ক্ৰিকেট দলটিৰ হকে যিখিনি অৱদান আগবঢ়াইছে সেইখিনি এতিয়ালৈ কোনেও কৰিবলৈ সক্ষম হোৱা নাই । পণ্টৰ অদ্ভুত বাওঁহতীয়া খেল প্ৰদৰ্শনৰ আঁৰত তেওঁৰ ২৩বছৰীয়া কঠোৰ পৰিশ্ৰম লুকাই আছে বুলি শলাগ লয় মুখ্য প্রশিক্ষক শাস্ত্ৰীয়ে ।

উল্লেখনীয় যে আহমেদাবাদত এক গুৰুত্বপূৰ্ণ শতক অর্জন কৰাৰ উপৰিও অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩য় আৰু ৪ৰ্থ টেষ্টত পণ্টে ক্ৰমে ৯১ আৰু ৮৯* ৰাণৰ প্ৰদৰ্শন কৰি দলটোৰ আটাইতকৈ কঠিন মুহূৰ্তখিনিক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হয় । আৰু খেল জয় কৰি ভাৰতৰ মুখ্য প্রশিক্ষক শাস্ত্ৰীৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰে ঋষভ পণ্ট ।