Local, Vocal, Global

পাকিস্তানৰ দুজনী কইনা, স্বামীৰ ঘৰ ভাৰতত। মিলন সম্ভৱ হ’ল সম্পূৰ্ণ দুবছৰ পিছত

আন্তৰ্জাতিক মহিলা দিৱসৰ দিনাই দুই দম্পতীৰ পুনৰ মিলন সম্ভৱ হ’ল। স্বামীৰ ঘৰ ভাৰতত পিছে কইনা থাকে পাকিস্তানত। সম্পূৰ্ণ দুবছৰৰ অন্ততহে ৰাজস্থানৰ বাৰ্মেৰত থকা স্বামী ঘৰলৈ উভতি আহি পুনৰ একলগ হ’ল দুৃই দম্পতী। বিবাহৰ সম্পূৰ্ণ দুটা বছৰ অতিক্ৰম হোৱাৰ পিছত পত্নীক লগ পাই উৎফুল্লিত স্বামীয়ে কেন্দ্ৰীয় মন্ত্ৰী কৈলাশ চৌধুৰীলৈ ধন্যবাদ জ্ঞাপন কৰিলে। এগৰাকী স্বামীৰ ভাষ্য- মোৰ পত্নীক VISA পাবলৈ কেন্দ্ৰীয় মন্ত্ৰীজনে যথেষ্ট সহায় আগবঢ়াইছে যাৰ বাবেই মই তেওঁৰ ওচৰত চিৰকৃতজ্ঞ।