Local, Vocal, Global

 ১০০ শতাংশ পাইয়ো পুনৰ JEE ত উত্তীৰ্ণ হ’ব এইজন যুৱক

২০২১ ৰ JEE ৰ মূল পৰীক্ষাত সম্পূৰ্ণ ১০০% নম্বৰেৰে উত্তীৰ্ণ হোৱা গোৰামৃত সিঙৰ এটা মন্তব্যই সকলোকে আচৰিত কৰিছে। গোৰামৃতে কয় যে, তেওঁ জে ই ই ৰ পৰৱৰ্তী পৰীক্ষাত পুনৰ অংশ লব বিচাৰিছে। তেওঁ আশা কৰে যে JEE ৰ মূল পৰীক্ষাত আকৌ এবাৰ উত্তীৰ্ণ হলে তেওঁৰ আত্মবিশ্বাস আৰু বহুগুণে বৃদ্ধি পাব।
১৮ বছৰীয়া গোৰামৃত সিঙে ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা JEE মুখ্য পৰীক্ষাত সম্পূৰ্ণ ১০০% অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
গোৰামৃত সিঙৰ এই মন্তব্য ইণ্টাৰনেটত বিয়পি পৰাৰ পাছত বহুজনে এই বিষয়ে মত প্রকাশ কৰে যে বহুতৰ বাবে সম্পূৰ্ণ ১০০% বহু দূৰৰ সপোন। গতিকে দুবাৰ সেই সপোন প্ৰাপ্ত কৰিব বিচাৰাটো সিঙৰ বাবে মৰিচিকা হ’ব পাৰে।