Local, Vocal, Global

আলহী খাবলৈ মাতি নি বলপূৰ্বক ওৰে নিশা ধৰ্ষণ কৰিলে এজনী মহিলাক

বাইহাটাত জঘন্য ঘটনা । বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত জটিয়া ভাংৰাত আলহী খাবলৈ মাতি নি বলবুৰ্বক ওৰে নিশা ধৰ্ষণ কৰিলে এজনী মহিলাক।

জানিব পৰা মতে প্ৰতিমা বড়োৱে নিশা ৭:৩০মান বজাত আলহীৰ ঘৰ জয়া বড়োৰ ঘৰত উপস্থিত হয়।

জয়া বড়োয়ে প্ৰতিমা বড়োক নিচা জাতীয় দ্ৰব্য খুৱাই ওচৰৰে আবজাল আলি নামৰ যুৱকজনৰ পৰা জয়া বড়োয়ে ৫০০টকা লৈ ওৰে নিশা ধৰ্ষণ কৰিবলৈ দিয়ে।

ৰাতিপুৱা প্ৰতিমাৰ বড়োৰ স্বামীয়ে পত্নীক উলংগ অৱস্থাত পাই বাইহাটা চাৰিআলি থানালৈ লৈ আহে আৰু বাইহাটা চাৰিআলি থানাত এখন এজাহাৰ দাখিল কৰে।