বাঁহি বাদনৰ জৰিয়তে দিগন্তত উৰাৰ মন ৰাহুল ৰঞ্জন বৰুৱাৰ

বাঁহি বাদনৰ জৰিয়তে দিগন্তত উৰাৰ মন ৰাহুল ৰঞ্জন বৰুৱাৰ
প্ৰতিভা কোনেও ঢাকি ৰাখিব নোৱাৰে কাৰন ই স্বতঃস্ফূৰ্ত৷কভিদ পৰিস্থিতিৰ মাজতে এনে বহু সুপ্ত প্ৰতিভা জাগ্ৰত হৈছে আমাৰ সমাজত৷ বাঁহি বাদনৰ জৰিয়তে স্ব প্ৰতিভা জাগ্ৰত কৰি দিগন্তলৈ উৰাৰ মন মেলিছে চতিয়াৰ মাগুৰমড়া অঞ্চলৰ নিবাসী তথা উত্তৰ চতিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰ ৰাহুল ৰঞ্জন বৰুৱাই । এই ৰাহুল হৈছে দিলীপ বৰুৱা আৰু বুলবুলি বৰুৱাৰ একমাত্ৰ পুত্ৰ সন্তান ।
সাত বছৰৰ পৰাই পিতৃ- মাতৃৰ অনুপ্ৰেৰণাৰ জৰিয়তে বাঁহিৰ প্ৰশিক্ষণ লৈ সৃষ্টিশীল প্ৰতিভাৰ জৰিয়তেই বিকশিত হৈ আগুৱাই গৈছে ৰাহুল । কিন্তু তাৰ বাবে লাগিব অদম্য চেষ্টা, ধৈৰ্য্য ও সংযম। বৰ্তমান লকডাউনৰ সময়চোৱাত বিদ্যালয়সমূহ বন্ধ হৈ পৰাত ঘৰতে আৱদ্ধ থাকি নিজৰ পঢ়া শুনাৰ উপৰিও ৰাহুলে আজৰি সময়ত পিতৃ-মাতৃৰ অনুপ্ৰেৰণাত অনুশীলন অব্যাহত ৰখাৰ এক উৎকৃষ্ট উদাহৰণ দেখুৱাবলৈ সক্ষম হৈছে ।
তেওঁক চৰ্চা কৰি অন্যান্য ছাত্ৰ-ছাত্ৰী সকলেও যেন অবাবত সময় নষ্ট নকৰি নিজৰ নিজৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিবলৈ অনুশীলন কৰে এইয়ে তেওৰ কামনা । বিভিন্ন জাতি-জনগোষ্ঠীৰ উপৰিও লোকগীত, বৰগীত, ভূপেন্দ্ৰ সংগীতৰ লগতে বিভিন্ন গীতৰ সুৰৰ ধ্বনিসমূহ ১৪ বছৰীয়া ৰাহুলৰ দ্বাৰা বাঁহি বাদনৰ জৰিয়তে ভাঁহি অহাত অঞ্চলবাসীৰ লগতে শৈক্ষিক মহলৰ পৰা বিশেষ চৰ্চা তথা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে