Local, Vocal, Global

ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ অস্ত্ৰোপচাৰ কক্ষ উদ্বোধন

অচিৰেই ক’ভিডৰ পৰা ৰাইজে পৰিত্ৰাণ পাব,  ৰাইজে চিকিৎসা সেৱা লাভ কৰিব – মন্ত্ৰী ভৱেশ কলিতা

ৰাজ্যত ক’ভিডৰ সংক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পোৱাত অধিকাংশ চিকিৎসকক বিভিন্ন ক’ভিড চিকিৎসালয়লৈ স্থানান্তৰ কৰিব লগা হৈছে ৷ ফলত একাংশ ৰাইজে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’ব লগা হৈছে। অচিৰেই ক’ভিডৰ পৰা ৰাইজে পৰিত্ৰাণ পাব আৰু ৰাইজে  চিকিৎসা সেৱা লাভ কৰিব ৷ এই আশ্বাস ৰাজ্যৰ জলসিঞ্চন আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাৰ। তেওঁ আজি ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ বহু প্ৰত্যাশিত অত্যাধুনিক অস্ত্ৰোপচাৰ কক্ষ এটা উদ্বোধন কৰি দিয়া ভাষণ প্ৰসংগত এই কথা প্ৰকাশ কৰে। প্ৰায় ৪০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা প্ৰসূতি বিভাগৰ এই অস্ত্ৰোপচাৰ কক্ষটো উদ্বোধন কৰে ৷ আজি বহু প্ৰত্যাশিত অস্ত্ৰোপচাৰ কক্ষটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাত ৰাইজে পুণৰ আগৰ দৰেই সেৱা লাভ কৰিব পাৰিব। স্বাস্থ্যই হ’ল পৰম ধন। যাৰ গাত বেমাৰ-আজাৰ নাথাকে, তেঁও সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হয় বুলিও মন্ত্ৰী কলিতাই কয়। ইয়াৰ পূৰ্বে তেওঁ চিকিৎসালয়খনৰ সৌন্দৰ্য্য বৰ্ধনৰ বাবে দুৱাৰমুখত নিৰ্মাণ কৰা অসমীয়া সংস্কৃতি তথা পৰম্পৰাৰ প্ৰতীক বৃহৎ আকাৰৰ কংক্ৰিটৰ শৰাই, তামোল-পাণ আৰু অসমৰ আপুৰুগীয়া সম্পদ তথা প্ৰতীক চিহ্ন কংক্ৰিটৰ এশিঙীয়া গঁড়ৰ শুভ উন্মোচন কৰে ৷  আজিৰ এই অনুষ্ঠানত চিকিৎসালয় খনৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্য, জ্যেষ্ঠ চিকিৎসক ডাঃ মুকুল ভট্টাচাৰ্য, ডাঃ নীলমণি কলিতা, চিকিৎসালয় খনৰ পৰিচালনা কমিটি সদস্য তথা যুৱ নেতা ভৱেশ ডেকা, চন্দ্ৰ ধৰ কলিতা, চিকিৎসা কৰ্মী খালেক উজ জামান,বিউটি মনি ডেকা, কৰ্মচাৰী অমূল্য বৈশ্য সহ অন্যান্য কৰ্মচাৰীবৃন্দ উপস্থিত থাকে।