Local, Vocal, Global

অভিশপ্ত… মেজিৰ জুই নহয়, উৰুকাত জ্বলিছিল ১৭খন চিতা

ৰাজ্যৰ চৌদিশে এতিয়া ভোগালী বিহুৰ আনন্দ-উল্লাস ৷ চেনেহৰ ভোগালী বিহুটি আদৰাত ব্যস্ত হৈ পৰিছে ডেকা, যুৱক-যুৱতী, জীয়ৰী-বোৱাৰী সকলোৱে। আজি উৰুকা, উৰুকাৰ বজাৰত ৰৌ-ভকুৱা, চিতল-বৰালিৰ উজান। উৰুকাৰ নিশা সকলোৱে লগেভাগে এসাঁজ খোৱাৰ বাবে সাজু। কিন্তু তাৰ মাজতে এইখন অসমৰে এখন দুর্ভগীয়া গাঁৱত নাই উৰুকাৰ আনন্দ-উল্লাস। উৰুকা উদযাপনৰ বিপৰীতে গাঁওবাসীয়ে ২৩ বছৰে পালন কৰা নাই ভোগালী বিহু, খোৱা নাই উৰুকাৰ ভাতসাজ। ২৩ বছৰে বিষাদ জর্জৰিত কামৰূপ জিলাৰ ৰঙিয়াৰ কেকেৰিকুছি গাঁৱৰ দুখ লগা কাহিনী ৷ ১৯৯৮ চনৰ ১৩ জানুৱাৰীত উৰুকাৰ নিশা ৮ বজাত গাঁওখনলৈ নামি আহিছিল কাল অমানিশা ৷ গাঁৱৰ সকলো লোক ব্যস্ত আছিল উৰুকাৰ পিঠপনা বনোৱাত আৰু ভেলাঘৰ তৈয়াৰ কৰাত ৷ তেনে সময়তে বন্দুকধাৰী আততায়ীয়ে গাঁওখনত সোমাই এফালৰ পৰা নির্মমভাৱে গুলীয়াই গৈছিল সকলোকে ৷ নিমিষতে মৃত্যুমুখত পৰিছিল নিৰীহ লোক ৷ মৃত্যু উপত্যকাত পৰিণত হৈছিল ৰঙিয়াৰ কেকেৰিকুছি গাঁও ৷ বিহুৰ দিনা মেজিৰ জুইৰ পৰিৱর্তে একেলগে  জ্বলি উঠিছিল ১৭খনকৈ নিৰীহ লোকৰ চিতা ৷ সেইদিন ধৰি শোক পালন কৰি আজিলৈকে কেতিয়াও ভোগালী বিহু পালন কৰা নাই গাঁওবাসীয়ে ৷ বিহুৰ আগদিনা গাঁওবাসীয়ে উপবাসে থাকি তাত থকা শ্বহীদ বেদীত এহাজাৰ বন্তি জ্বলাই মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে প্ৰার্থনা জনায় ৷ ২৩ বর্ষ পাৰ হল যদিও এই গাঁৱৰ ৰাইজে আজিলৈ পাহৰিব পৰা নাই সেই ভয়াৱহ স্মৃতি ৷