Local, Vocal, Global

ৰাজ্যৰ চৌদিশে ভোগালীৰ আনন্দ

কৰ’না মহামাৰী কিছু শাম কটাৰ পিছত অসমবাসী এতিয়া ব্যস্ত হৈ পৰিছে ভোগালীৰ আয়োজনত। ২০২০ বর্ষত কৰ’না মহামাৰীৰ বাবে অসমৰ বাপতিসাহোন ব’হাগ বিহু পূর্বৰ দৰে উৎসাহেৰে পালন কৰাৰ পৰা বঞ্চিত হৈছিল অসমবাসী। কিন্তু এতিয়া কৰ’না মহামাৰীৰ প্ৰকোপ কিছু কম হোৱাত ভোগালীক আদৰাৰ বাবে ব্যস্ত হৈ পৰিছে অসমবাসী। কিন্তু বজাৰত সামগ্ৰীৰ মূল্য আকাশলংঘী হোৱাত অসুবিধাৰ সন্মুখীন হৈছে গ্ৰাহকসকল। শাক-পাচিল, মাছ-মাংস, আলু-পিঁয়াজ আদি বিভিন্ন সামগ্ৰীৰ অত্যধিক দামে বিমোৰত পেলাইছে গ্ৰাহকসকলক। তথাপিও মাছ-মাংস, শাক-পাচলিৰে উভৈনদী হৈ পৰিছে ৰাজ্যৰ বিভিন্ন বজাৰ তথা নৈ ঘাটসমূহ। ঘৰে ঘৰে এতিয়া সকলো ব্যস্ত পিঠা, লাড়ু, দৈ-চিৰা, সান্দহ তৈয়াৰ কৰাত। বিশেষকৈ গাঁওসমূহত এতিয়া প্ৰত্যেকৰে ঘৰত ঢেঁকীৰ শব্দ। পথাৰত বিভিন্ন আর্হিৰ ভেলাঘৰ, মেজি সজাত ব্যস্ত ডেকাসকল। কৰ’নাৰ বাবে আর্থিক অৱস্থা দুর্বল যদিও নিজৰ সাধ্যানুসাৰে বাপতিসাহোন ভোগালীক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে সকলোৱে। যোৱাটো বর্ষৰ দুর্যোগৰ কথা পাহৰি সকলো এতিয়া ব্যস্ত লগেভাগে এসাঁজ খোৱাত। ২০২১ বর্ষটো যাতে সকলোৰে ভাল হয় তাৰেই কামনা সকলোৰে।