Local, Vocal, Global

বটদ্ৰৱাৰ বিলত নামি কি মাছ ধৰিলে বিধায়িকা আঙুৰলতা ডেকাই?

আজি উৰুকা। চৌদিশে উছাহৰ ঢল বৈছে। সকলো ব্যস্ত উৰুকাৰ সাঁজৰ বাবে। পুৱাৰ পৰা ৰাজ্যৰ প্ৰতিখন বজাৰ, গাঁৱৰ বিলসমূহত পৰিলক্ষিত হৈছে মাছৰ উজান। ৰাজ্যৰ ভিন্ন প্ৰান্তত অসমীয়া ডেকা-গাভৰুৱে বিলসমূহত মাছ ধৰি আনন্দ-উল্লাস কৰিছে। উৰুকাৰ পুৱা পৰম্পৰাগতভাৱে বটদ্ৰৱাৰ চাৰিপুণীয়া বিলত ৰাইজৰ লগত মাছ ধৰিলে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই। জাকৈ-খালৈ লৈ বিলত নামি বোকাত লুতুৰি-পুতুৰি বিধায়িকাগৰাকীয়ে ধৰিলে ৰৌ-বৰালি, পুঠি-খলিহনা। মাছ ধৰি আনন্দত আত্মহাৰা আঙুৰলতা ডেকাই বিলখনত নাৱত উঠি বিহুৰ ভংগিমা দিয়াও পৰিলক্ষিত হয়। বটদ্ৰৱাৰ বিলত মাছ ধৰি আঙুৰলতা ডেকাই স্থানীয় মহিলাসকলৰ সৈতে গান গাই বিহু নৃত্যও কৰে। মুঠতে উৰুকাৰ নিশা মাছে-মঙহে এসাঁজ খাবলৈ সাজু আঙুৰলতা ডেকা।