Local, Vocal, Global

Rangia Suspected Murder case : তিনিদিন ধৰি পত্নী-কন্যাৰ মৃতদেহৰ সৈতে আছিল স্বামী

নিউজ ডেস্ক, ১৫ আগষ্ট : ৰঙিয়াত মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ নতুন তথ্য পোহৰলৈ আহিছে (Rangia Suspected Murder case) । সঘনাই সলনি হৈছে ঘৰৰ মুৰব্বী প্ৰবীণ আগৰৱালাৰ ভাষ্য । ক্ৰাইম পেট্ৰ’লৰ দৰে ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ কৰিছে আত্মীয়ই ।

স্থানীয় লোকৰ ভাষ্য অনুসৰি, প্ৰথমতে নিগনি মৰা বিহ পান কৰাইছিল পত্নী আৰু কন্যাক । তাৰ পাছতো মৃত্যু নোহোৱাত ডিঙিত চিপ লগাইছিল তিনিওজনে । ইয়াৰ পাছতে মৃত্যু হৈছিল পত্নী নিশা আগৰৱালা (পিনু) আৰু জীয়ৰী কণিকা আগৰৱালাৰ। কিন্তু মৃত্যুৰ পৰা ৰক্ষা পৰিছিল প্ৰবীণ আগৰৱালা ।

পত্নী কন্যাৰ মৃত্যু হোৱাৰ পিছত মৃতদেহৰ ওপৰত চাদৰ ঢাকি দিছিল প্ৰবীণে । তাৰ পিছত মৃতদেহৰ সৈতে একেটা কোঠাতে আছিল তেওঁ । তিনিদিন ধৰি বিলাহী খাই আছিল লোকজন । স্থানীয় লোকে জনোৱা অুসৰি, ঘটনা পোহৰলৈ অহাৰ দিনা পুৱা ঘৰত পূজা-পাতল কৰি ওলাই গৈছিল পৱন আগৰৱালা । তাৰ পিছতে ৰে’লত উঠি নগাঁৱলৈ গৈছিল ।

ৰঙিয়াৰ পৰা নগাঁওৰ চাপৰমুখলৈ গৈ চাপৰমুখতো আত্মঘাতী হোৱাৰ চেষ্টা চলাইছিল প্ৰবীণ আগৰৱালাই । কিন্তু তাতো ব্যৰ্থ হয় । আৰক্ষীয়ে আটক কৰে প্ৰবীণ আগৰৱালাক । নগাঁৱৰ পৰা ৰঙিয়ালৈ অনা হয় প্ৰবীণক । বৰ্তমান ৰঙিয়া থানাত জেৰা অব্যাহত আছে।

সোমবাৰে নিশা ফৰেনচিকৰ দলে তন্ন তন্নকৈ পৰীক্ষা কৰে ঘটনাস্থলী । অভিযুক্ত প্ৰবীণ আগৰৱালাৰ শাস্তিৰ দাবী স্থানীয় লোকৰ । এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী মাৰোৱাৰী সমাজৰ একাংশৰ।

উল্লেখযোগ্য যে ৰঙিয়া শিৱ মন্দিৰৰ সমীপত আছিল প্ৰবীণ আগৰৱালাৰ ব্যৱসায়িক প্ৰতিষ্ঠান। দিনে দিনে খালী হৈ আহিছিল প্ৰবীণ আগৰৱালাৰ ব্যৱসায়িক প্ৰতিষ্ঠান। একপ্ৰকাৰ ধাৰত পোত গৈ দেওলীয়া হৈছিল পৰিয়ালটো। তাৰ পিছতে হয়তো প্ৰবীণ আগৰৱালাই এই লোমহৰ্ষক ঘটনা সংঘটিত কৰে ।

জানিব পৰা মতে শুকুৰবাৰে এই ঘটনা সংঘটিত কৰে। প্ৰবীণ আগৰৱালাই উল্লেখ কৰে যে প্ৰথমে মাতৃয়ে কন্যাক বিহ খুৱাই নিজে বিহ পান কৰে। দুয়োৰে মৃত্যুৰ পিছত প্ৰবীণ আগৰৱালায়ো নিজকে শেষ কৰাৰ চেষ্টা কৰিছিল । কিন্তু তেওঁ দুবাৰ বিফল হয়।

ঋণৰ বাবে তেওঁলোকে এই কাণ্ড সংঘটিত কৰে বুলি তেওঁ প্ৰকাশ কৰে । অধিক তদন্তত আচল ঘটনা পোহৰলৈ আহিব।

উল্লেখ্য, ৰহস্যজনক অৱস্থাত এটা কোঠাত উদ্ধাৰ হৈছিল মাতৃ-কন্যাৰ মৃতদেহ। মৃতদেহৰ পৰা দুৰ্গন্ধ ওলোৱাত পোহৰলৈ আহে ঘটনা। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ CIDৰ দলে অব্যাহত ৰাখিছে তদন্ত।

লগতে পঢ়ক : Deadbody recovered : স্বাধীনতা দিৱসৰ দিনাই পুৱাই মহানগৰীত উদ্ধাৰ অচিনাক্ত লোকৰ মৃতদেহ