Local, Vocal, Global

Son killed mother in Majuli : মাজুলীত পুত্ৰই হত্যা কৰিলে মাতৃক

নিউজ ডেস্ক, ১৫আগষ্ট : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ ।পাষান পুত্ৰই মৰিয়াই মৰিয়াই হত্য়া কৰিলে মাতৃক । হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । ৰাজ্যত দিনক দিনক দিনে বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনাই ।

এইবাৰ পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ । এক চাঞ্চল্যকৰ ঘটনাই কঁপাই গ’ল মাজুলী। কিছুদিন পূৰ্বে মহানগৰীত শুনা গৈছিল কুলাংগাৰ পুত্ৰৰ জঘন্য কাণ্ড। বৃদ্ধা মাতৃক চৰম শাৰিৰীক নিৰ্যাতন চলাইছিল পুত্ৰই (Mother Physically Harassed by Son)। নিজ জন্মদাত্ৰী মাতৃক প্ৰহাৰ কৰিবলৈও হাত নকপিল এজন পুত্ৰৰ । গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছিল এই নিৰ্লজ্জ কাণ্ড । মহানগৰীৰ হেঙেৰাবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপতে সংঘটিত হৈছিল এই অমানৱীয় ঘটনাৰ । সমৰজ্যোতি ভৰালী নামৰ লোকজনে নিজ জন্মদাত্ৰী মাতৃক খুঁটাত বান্ধি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল । লাঠীৰে কোবাই কোবাই মাতৃক প্ৰহাৰ কৰিছিল পুত্ৰই । ইয়াতে ক্ষান্ত নাথাকি মৰিয়াই মৰিয়াই মাতৃৰ গাত গৰমপানীও ঢালি দিয়া অভিযোগ । প্ৰায়ে বৃদ্ধা মাতৃক চোতালত ৰছীৰে বান্ধি থৈ দিয়ে পুত্ৰই ।

সমৰজ্যোতি ভৰালী ব্যক্তিগত সংবাদ প্ৰতিষ্ঠান এটাত কৰ্মৰত বুলি জানিব পৰা গৈছে । দীৰ্ঘদিন ধৰি পুত্ৰ এনে শাৰিৰীক নিৰ্যাতন চলাই থকাৰ অভিযোগ তুলিছে চুবুৰীয়াই । একাংশ স্থানীয় লোকৰ মতে আলজেইমাৰ ৰোগৰ চিকাৰ মাতৃগৰাকী । এই ঘটনাৰ খবৰ পাই দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে ঘৰৰ পৰাই আটক কৰিছে সমৰজ্যোতি ভৰালীক ।সমৰজ্যোতিৰ মোমায়েকৰ ভাষ্য অনুসৰি, “বহু দিনৰ পৰা সমৰ জ্যোতি ভৰালীয়ে ভাবুকি দি আহিছে পৰিয়ালক। কোনো কাৰণ নোহোৱাকৈ মাতৃক অত্যাচাৰ কৰে কুলাংগাৰ পুত্ৰ সমৰে।”

এই ঘটনাৰ সমান্তৰালকৈ ৰাজ্যত সংঘটিত হৈছে আন এক ঘটনাৰ । হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড। স্বাধীনতা দিৱসৰ দিনাই মাজুলীত সংঘটিত হল ভয়ংকৰ ঘটনাৰ(Son killed mother in Majuli)।

মাজুলীত কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ । মাজুলীত কলিযুগৰ পৰশুৰামে হত্যা কৰিলে নিজ জন্মদাত্ৰী মাতৃক। পাষান পুত্ৰই নিজ মাতৃক লাঠিৰে মৰিয়াই মৰিয়াই নৃসংশভাবে হত্যা কৰিলে জন্মদাত্ৰী মাতৃক । কুলাংগাৰ,পাষান পুত্ৰৰ নাম ৰাহুল কাকতি বুলি জানিব পৰা গৈছে । ভুক্তভোগী মাতৃগৰাকী নাম সোনাপী কাকতি (৫৪) বুলি জানিব পৰা গৈছে ।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে মাজুলী গড়মূৰ থানাৰ অন্তৰ্গত যোৰবিল কাঠনিআটী গাৱঁত । জানিব পৰা মতে, কিছুদিন পূৰ্বে মাতৃক দাৰে ঘপিয়াই জেলৰ ভাত খাইছিল ৰাহুলে।কিন্তু উলাই আহি আকৌ সংঘটিত কৰিলে হত্য়াকাণ্ড। মঙলবাৰে লাঠিৰে মাতৃক প্ৰহাৰ কৰে ৰাহুলে । মাতৃক দাৰে প্ৰহাৰ কৰি থাকোতে স্থানীয় লোকে বচাবলৈ গৈছিল যদিও পাষান পুত্ৰই স্থানীয় লোককেইজনকো প্ৰহাৰ কৰে ৰাহুলে লগতে এটা মোবাইলফোন ভাঙি পেলাই।
এই ঘটনাৰ খবৰ পোৱাৰ পিছতে গড়মূৰ আৰক্ষী মাজুলী উপ-আৰক্ষী অধীক্ষক আৰু মাজুলী ৰাজহ চক্ৰ বিষয়া উপস্থিত হয় ঘটনাস্থলীত । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত ৰাহুলক আটক কৰি গড়মূৰ থানালৈ তাৎক্ষণিক ভাবে লৈ যায় ।উক্ত হত্য়াকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি। স্থানীয় ৰাইজে এই হত্য়াকাণ্ডৰ দোষীক উচিত শাস্তিৰ বাবে দাবী জনাই ।

লগতে পঢ়ক :Rangia Suspected Murder case : তিনিদিন ধৰি পত্নী-কন্যাৰ মৃতদেহৰ সৈতে আছিল স্বামী