Local, Vocal, Global

Deadbody recovered : স্বাধীনতা দিৱসৰ দিনাই পুৱাই মহানগৰীত উদ্ধাৰ অচিনাক্ত লোকৰ মৃতদেহ

গুৱাহাটী, ১৫আগষ্ট : মালিগাঁৱত উদ্ধাৰ অচিনাক্ত লোকৰ মৃতদেহ(Deadbody recovered) । মালিগাঁৱৰ চাটল গেটত উদ্ধাৰ হয় মৃতদেহটো ।

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা(Deadbody recovered in Guwahati)।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । মহানগৰীত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে(unidentified Body found in Maligaon) ।

ৰাজ্যত পুনৰ উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ মৃতদেহ । স্বাধীনতা দিৱসৰ দিনাই পুৱাই উদ্ধাৰ হয় মৃতদেহটো । স্বাধীনতা দিৱসৰ পুৱাই মহানগৰীৰ মালিগাঁৱত সংঘটিত হৈছে অঘটনটো । জানিব পৰা মতে, মালিগাঁৱৰ চাটল গেটত উদ্ধাৰ হয় মৃতদেহটো। কামাখ্যা ৰে’ল ষ্টেচনৰ ৰে’লগেটৰ পৰা কিছু দূৰত মৃতদেহটো উদ্ধাৰ হয়। বৰ্তমানলৈকে মৃত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, পথৰ দাঁতিত পৰি আছিল মৃতদেহটো ।এই ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় জালুকবাৰী আৰক্ষীৰ দল9unidentified Body found in Maligaon) ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু তদন্তৰ অন্তত হে পোহৰলৈ আহিব তথ্য ।

লগতে পঢ়ক :Deadbody recovered in Lakhimpur : লখিমপুৰৰ কাকৈ নৈত উদ্ধাৰ এজন লোকৰ মৃতদেহ, হত্যাৰ অভিযোগ পৰিয়ালৰ