Local, Vocal, Global

Independence day 2023 : ডিব্ৰুগড়ত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন ৰণোজ পেগুৰ

নিউজ ডেস্ক, ১৫ আগষ্ট : সমগ্ৰ দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰালকৈ আজি ডিব্ৰুগড়তো দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় (77th Independence Day) । ডিব্ৰুগড়ত অনুষ্ঠিত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ( Independence Day 2023। পতাকা উত্তোলনৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে(National Flag Hoisted by Minister Ranuj Pegu in Dibrugarh) ।

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত চহৰখনৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হোৱা দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে ভাষণত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি সৰ্ম্পকত ৰাইজক অৱগত কৰে ।

খনিকৰ খেলপথাৰত আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সামৰিক কুচ-কাৱাজ প্ৰদৰ্শন কৰা হয় । দিনযোৰা কাৰ্যসূচীত ডিব্ৰুগড় জিলা প্ৰশাসনে অনুষ্ঠিত কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত দেশপ্ৰেমমূলক বৰ্ণাঢ্য সাস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত কৰা হয় । উক্ত কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ লগতে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনকে আদি কৰি অন্যান্য চৰকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Independence Day Celebration in Nagaon : স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত হঠাৎ অসুস্থ হৈ পৰিল মহিলা আৰক্ষী