Local, Vocal, Global

Rangia Murder case : আদালতৰ চৌহদত অভিযুক্ত প্ৰবীণৰ শিহৰণকাৰী ভাষ্য

নিউজ ডেস্ক, ১৬ আগষ্ট : আজি আদালতত হাজিৰ কৰোৱা হৈছিল প্ৰবীণ আগৰৱালাক । অভিযুক্ত প্ৰবীণৰ শিহৰণকাৰী ভাষ্য । ৰঙিয়াৰ মাতৃ-কন্যাৰ মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত প্ৰবীণ আগৰৱালাক আদালতত হাজিৰ কৰোৱা হয় । আদালতলৈ নিয়াৰ সময়ত সাংবাদিকৰ আগত মুখ খুলিলে প্ৰবীণ আগৰৱালাই । পত্নী-কন্যাৰ মৃত্যুত অনুতপ্ত প্ৰবীণ আগৰৱালাই চিঞৰি চিঞৰি আদালতৰ চৌহদত ক’লে তেওঁক ফাঁচি অথবা এনকাউণ্টাৰ কৰি দিয়ক ।

উল্লেখ্য যে পত্নী-কন্যাৰ মৃত্যুৰ পিছত ৰে’লযোগে ৰহা পাইছিলগৈ প্ৰবীণ আগৰৱালা । চাপৰমুখত ৰে’লৰ আগত পৰি নিজকে শেষ কৰাৰ চেষ্টা চলাইছিল আগৰৱালাই । কিন্তু প্ৰত্যক্ষদৰ্শীয়ে বচাইছিল প্ৰবীণ আগৰৱালাক। এবাৰ নহয়, তিনিবাৰকৈ আত্মঘাতী হোৱাৰ চেষ্টা চলাই ব্যৰ্থ হৈছিল প্ৰবীণ ।

জানিব পৰা মতে বৃহস্পতিবাৰে নিশা পত্নী, কন্যা আৰু প্ৰবীণ আগৰৱালাই নিজ ইচ্ছামতে হাঁহি হাঁহি জীৱন শেষ কৰাৰ চেষ্টা কৰিছিল । বিহপান কৰাৰ পিছতো ১২ ঘণ্টালৈকে মৃত্যু হোৱা নাছিল পত্নী-কন্যাৰ। সেয়ে পুনৰ চিপ লৈ আত্মহত্যা কৰা বুলি মন্তব্য কৰে প্ৰবীণে । সেয়ে এতিয়া নিজকে এনকাউণ্টৰ কৰিবলৈ আহ্বান জনাইছে প্ৰবীণ আগৰৱালাই‌ । আৰক্ষীয়ে যি ব্যৱস্থা লয় সেইয়া মানি ল’ব বুলি মন্তব্য কৰিছে আগৰৱালাই ।

লগতে পঢ়ক : Rangia Suspected Murder case : ৰঙিয়াত মাতৃ-কন্যাৰ মৃত্যুক লৈ ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত, আজি আদালতত হাজিৰ কৰোৱা হ’ব প্ৰবীণক