Local, Vocal, Global

Rangia Suspected Murder case : ৰঙিয়াত মাতৃ-কন্যাৰ মৃত্যুক লৈ ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত, আজি আদালতত হাজিৰ কৰোৱা হ’ব প্ৰবীণক

নিউজ ডেস্ক, ১৬ আগষ্ট : ৰঙিয়াৰ মাতৃ-কন্যাৰ মৃত্যুৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য (Rangia Mother and Daughter Murder case)। বন্ধ কোঠাত উদ্ধাৰ হৈছিল মাতৃ-কন্যাৰ গলিত মৃতদেহ । একেটা কোঠাতে উদ্ধাৰ হৈছিল মাতৃ পিনু আগৰৱালা আৰু কন্যা কণিকা আগৰৱালাৰ মৃতদেহ । মৃত পত্নী-কন্যাৰ সৈতে কেইবাদিনো একেলগে আছিল প্ৰবীণ আগৰৱালাই। ইতিমধ্যে প্ৰবীণ আগৰৱালাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰ মাজতে ঘটনাৰ কেতবোৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। পত্নী–কন্যাৰ মৃত্যুৰ পিছত কেনেকৈ এই ঘটনা চাৰিদিন ধৰি লুকুৱাই ৰাখিছিল প্ৰবীণ আগৰৱালাই এই সমগ্ৰ তথ্য পোহৰলৈ আহিছে (Accuse Prabin to be Produce in Court today)।

সোমবাৰে উদ্ধাৰ হৈছিল মাতৃ-কন্যাৰ অৰ্ধগলিত মৃতদেহ । মৃতদেহ উদ্ধাৰ হোৱা কোঠাত আছিল তেজৰ ডোঙা । এই ঘটনাক সহজভাৱে ল’ব পৰা নাই কণিকা আগৰৱালাৰ বন্ধু-বান্ধৱীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীয়েও। কোনোপধ্যেই কণিকাই চূড়ান্ত সিদ্ধান্ত ল’ব নোৱাৰে বুলি দাবী কৰে তেওঁলোকে ।

কণিকাৰ বান্ধবীয়ে দাবী কৰা অনুসৰি কণিকা আগৰৱালাই কেতিয়াও চূড়ান্ত সিদ্ধান্ত ল’ব নোৱাৰে । কণিকাৰ এগৰাকী বান্ধবীয়ে কয় যে, মৃত্যুৰ পূৰ্বে কণিকাই জনাইছিল আৰ্থিক অসুবিধাৰ কথা । তাৰ পিছত শুকুৰবাৰৰ পৰা বিদ্যালয়লৈ যোৱা নাছিল কণিকা । বন্ধু-বান্ধবীৰ লগতে ইউক্লিড গ্ৰুপ অব ইনষ্টিটিউচনৰ কৰ্তৃপক্ষই ফোন কৰিছিল যদিও প্ৰতিবাৰেই পিতৃ প্ৰবীণ আগৰৱালাই ৰিচিভ কৰি ফোনত প্ৰবীণ আগৰৱালাই খাদ্যত বিষক্ৰিয়া হৈ কণিকা অসুস্থ হৈ আছে বুলি জনাইছিল ।

জানিব পৰা মতে মৃত কণিকা আগৰৱালা ৰঙিয়াৰ ইউকিড গ্রুপ অব্ ইনষ্টিটিউটৰ উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী আছিল । অত্যন্ত মেধাৱী আৰু নম্ৰ স্বভাৱৰ কণিকা মৃত্যুৰ পাঁচ দিন আগতে টিউচনলৈ গৈছিল । বিদ্যালয় কৰ্তৃপক্ষৰ মতে, চূড়ান্ত পৰীক্ষাত স্থান লাভৰ সম্ভাৱনা আছিল মেধাৱী কণিকা আগৰৱালাৰ। লগতে নৃত্য আৰু গীততো বিশেষভাৱে পাৰদৰ্শিতা দেখুৱাইছিল কণিকাই।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, উৱঁলি যোৱা মৃতদেহ উদ্ধাৰৰ ৫ দিন মানৰ আগৰে পৰা মাতৃ-কন্যাক ঘৰৰ বাহিৰ ওলোৱা দেখা নাছিল স্থানীয় ৰাইজে । এই প্রসংগত আন ব্যৱসায়ীসকলে খা-খবৰ ল’লে দুয়ো গুৰুতৰভাৱে অসুস্থ হৈ থকা বুলি জনাইছিল প্রবীণ আগৰৱালাই । আনকি ওচৰতে থকা পীনু আগৰৱালাৰ ভিনিহিয়েক, বায়েকে ফোন কৰিলেও প্রবীণ আগৰৱালাইহে তাৰ উত্তৰ দিছিল আৰু পত্নী-কন্যা অসুস্থ হৈ থকা বুলি ফোনযোগে জনাইছিল ।

আনহাতে জানিব পৰা মতে মৃতদেহ উদ্ধাৰৰ চাৰি দিন আগতে তেওঁলোকৰ ঘৰত কাম কৰা মহিলাগৰাকীক তেওঁলোক শ্বিলঙলৈ যাব বুলি কৈ কামলৈ আহিবলৈ ফোনযোগে মানা কৰিছিল ব্যৱসায়ী প্রবীণে । ইফালে সোমবাৰে ওপৰ মহলাৰ পৰা নামি আহি নিজেই গাখীৰ দিবলৈ অহা লোকজনৰ পৰা প্ৰবীণ আগৰৱালাই গাখীৰ লৈছিল । ইফালে বাৰম্বাৰ ফোন কৰাৰ পাছতো কোনো খা-খবৰ নোপোৱাত সোমবাৰে দুপৰীয়া বায়েকে ভাড়াঘৰত থকা ভনীয়েকৰ খবৰ ল’বলৈ আহি দেখে যে ঘৰটো বাহিৰৰ পৰা খোলা আৰু ভিতৰত দুটা কোঠাৰ মজিয়াত মাতৃ-কন্যাৰ মৃতদেহ পৰি আছিল । কোঠাটোৰ মজিয়াত তেজৰ ডোঙাও তেওঁ প্ৰত্যক্ষ কৰে । এই কথা প্ৰচাৰ হোৱাৰ লগে লগে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে সকলোৱে ।

উল্লেখ্য আজি আদালতত হাজিৰ কৰোৱা হ’ব অভিযুক্ত প্ৰবীণ আগৰৱালাক ।

লগতে পঢ়ক : Rangia Suspected Murder case : তিনিদিন ধৰি পত্নী-কন্যাৰ মৃতদেহৰ সৈতে আছিল স্বামী