Local, Vocal, Global

DGP reaction on police personnel death : পেৰেড কৰাৰ সময়ত আৰক্ষীৰ লোক ঢলি পৰাটো অস্বাভাৱিক নহয় – জি পি সিঙৰ মন্তব্য

নিউজ ডেস্ক, ১৬ আগষ্ট : বিগত প্ৰায় ডেৰ মাহত কৰ্তব্যৰত অৱস্থাতে মৃত্যু ঘটিছে অসম আৰক্ষীৰ চাৰিজনকৈ জোৱানৰ ৷ অত্যাধিক গৰমত পেৰেড কৰাৰ সময়ত আৰক্ষীৰ লোক ঢলি পৰাটো অস্বাভাৱিক নহয় – এই মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ ।

উল্লেখ্য যে প্ৰায় প্ৰত্যেক বছৰেই ১৫ আগষ্টৰ পেৰেডৰ সময়ত আৰক্ষীৰ লোক ঢলি পৰা দেখা যায় । কিন্তু শেহতীয়াকৈ কিছুদিন পূৰ্বে পেৰেড কৰাৰ সময়ত আৰক্ষীৰ এজন জোৱানৰ মৃত্যু হৈছিল । উক্ত ঘটনা সন্দৰ্ভত বুধবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় যে পেৰেডৰ সময়ত কেতিয়াবা কোনো আৰক্ষীৰ লোক ঢলি পৰাৰ ঘটনা কেৱল অসমতে নহয় । এনে ঘটনা দেশৰ বিভিন্ন ঠাইত হয় । এইটো অস্বাভাৱিক নহয়।

গুৱাহাটী খানাপাৰা খেল পথাৰত মৃত্যু হোৱা জোৱানজনৰ প্ৰসংগত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে ‘জোৱানজনৰ পূৰ্বতে কৰা তেজ আৰু আন পৰীক্ষাত কোনো ধৰণৰ সমস্যা ধৰা পৰা নাছিল । মূৰৰ বিষ অনুভৱ কৰা বুলি জনোৱাৰ পাছতে জোৱানজনক পেৰেডত ভাগ লোৱাৰ বিপৰীতে বহিবলৈ দিয়া হৈছিল । কিন্তু তাৰ পিছতো জোৱানজনৰ মৃত্যু হৈছিল । সমগ্ৰ বিষয়টো পৰীক্ষা-নিৰীক্ষা কৰি চাব লাগিব । কাৰণ বিগত ডেৰ মাহত আৰক্ষীৰ চাৰিজন লোকৰ কৰ্ত্তব্যৰত অৱস্থাতে মৃত্যু হৈছে ।

লগতে জি পি সিঙে কয় যে, ‘এই ঘটনাসমূহৰ অনুসন্ধান কৰি কাৰণটো জানিব লাগিব । যাতে এনে ঘটনা ভৱিষ্যতে ৰোধ কৰিব পৰা যায় ।’

উল্লেখ্য যে কিছুদিন পূৰ্বে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণৰ উদ্দেশ্যৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা পেৰেড অনুশীলনৰ সময়ত কুকিল দত্ত নামৰ এজন জোৱানৰ মৃত্যু হৈছিল (SPRO Kukil Dutta died)। অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনত কৰ্মৰত আছিল জোৱানজন । ইতিমধ্যে আৰক্ষী জোৱানজনৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক : Indrani Tahbildar Death Case : বিজেপিৰ নেত্ৰীৰ আত্মাহত্যাক লৈ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া