Local, Vocal, Global

কৰ’নাৰ বাবে বাতিল ভগৱান ‘ৰামৰ বৰযাত্ৰা’

দেশত ক’ভিড-১৯ জনিত পৰিস্থিতিলৈ লক্ষ্য ৰাখি বাতিল কৰা হ’ল বিশ্ব হিন্দু পৰিষদৰ ‘ৰাম বাৰাত’। সংগঠনটোৰ মুখপাত্ৰ শাৰদ শৰ্মাই ঘোষণা কৰে যে অযোধ্যাৰ সন্ত সমাজৰে আলোচনা কৰি লোৱা হৈছে এই সিদ্ধান্ত। প্ৰাচীন কালৰে পৰা অযোধ্যাত ৰাম-সীতাৰ বিবাহ বাৰ্ষিকী উৎসৱ পালনৰ পৰম্পৰা চলি আহিছে। প্ৰতিবছৰে এই উৎসৱ উপলক্ষে ৰাম জন্মভূমিৰ পৰা বৰযাত্ৰীসকলৰ শোভাযাত্ৰা উলিয়ায় ৰাম ভক্তসকলে। সেই শোভাযাত্ৰা যায় নেপালৰ জনকপুৰৰ ৰাম-সীতাৰ বিবাহথলীলৈ। এইবছৰ ৰামৰ বৰযাত্ৰা বাতিল হ’লেও উৎসৱৰ অন্যান্য কাৰ্যসূচী পালন কৰা হ’ব। অযোধ্যাবাসীয়ে মাটিৰ চাকি জ্বলাই, শংখ বজাই, পতাকা উত্তোলন কৰি পৱিত্ৰ মন্ত্ৰ্যোচ্চাৰণেৰে ৰাম-সীতাৰ বিবাহ উৎসৱ পালন কৰিব বুলি জনাইছে বিশ্ব হিন্দু পৰিষদে। আনহাতে অযোধ্যাৰ জানকী মহল মন্দিৰৰ তৰফৰ পৰা ক’ভিড নিয়ম মানি চলি সামাজিক দূৰত্ব বজাই ৰাখি অযোধ্যাৰ ভিতৰতে সীমাৱদ্ধ শোভাযাত্ৰা উলিওৱা হ’ব৷