Local, Vocal, Global

প্ৰতিবাদী কৃষকক প্ৰতিৰোধত ব্যস্ত আৰক্ষীলৈ গুৰুদ্বাৰৰ আহাৰ

দিল্লীমুখী প্ৰতিবাদী কৃষক। কৃষকক বাধা দিবলৈ সৰ্বশক্তিৰে নামি পৰিছে আৰক্ষী। কৃষক আৰু আৰক্ষীৰ সংঘাতৰ দৃশ্য হৈ পৰিছে সুলভ। তাৰ মাজতে হাৰিয়ানাৰ কৰ্ণালৰ এটা গুৰুদ্বাৰৰ লংগৰখানাৰ এক দৃশ্যই মুগ্ধ কৰিছে বহুতকে। পাঞ্জাৱ আৰু হাৰিয়ানাৰ দিল্লমুখী প্ৰতিবাদী কৃষকক দিনে-নিশাই বাধা দিয়াত ব্যস্ত একাংশ আৰক্ষী লোকক কৰ্ণালৰ লংগৰখানাত যোগান ধৰা হৈছে আহাৰ। ১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা গুৰুদ্বাৰটোৰ লংগৰত শাৰী পাতি ভাত-দাইল, চবজিসহ পেটভৰাই খাবলৈ পাইছে কৰ্তব্যত নিয়োজিত আৰক্ষীৰ লোকসকলে। লংগৰখানাৰ ভাইৰেল হৈ পৰা এই দৃশ্যই প্ৰতিবাদী কৃষক আৰু আৰক্ষীৰ সংঘাতৰ মাজতো মানৱীয়তাৰ ইতিবাচক দিশ উন্মোচিত কৰিছে। গুৰুদ্বাৰসমূহৰ আতিথ্য আৰু বিনামূলীয়াকৈ ভোকাতুৰক আহাৰ যোগানৰ বাবে লংগৰৰ বিশেষ ব্যৱস্থাৰ কথা সৰ্বজনবিদিত। কোনো ভেদ ভাৱ নৰখাকৈ লংগৰত সকলোকে গুৰুদ্বাৰৰ এনে বিনামূলীয়া খাদ্য আগবঢ়োৱাৰ ব্যৱস্থা আছে।