Rajya Sabha polls in 3 states : ২৪ জুলাইত ৰাজ্যসভাৰ ১০ খন আসনৰ নিৰ্বাচন : ঘোষণা নিৰ্বাচন আয়োগৰ

নেশ্যনেল ডেস্ক, ২৮ জুন : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ কাৰ্যকাল সমাপ্ত হ’ব । অহা ২৪ জুলাইত ৰাজ্যসভাৰ ১০ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব (Rajya Sabha polls in 3 states) । মঙলবাৰে এই নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে । দেশৰ তিনি ৰাজ্য ক্ৰমে- বংগ, গুজৰাট আৰু গোৱাৰ ১০ খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন(Rajya Sabha polls in 3 states on July 24) ।
ইয়াৰ ভিতৰত পশ্চিম বংগৰ ছয়খন, গুজৰাটত তিনিখন আৰু গোৱাৰ এখন আসন আছে । এই আসনসমূহৰ নিৰ্বাচিত সদস্যসকলৰ কাৰ্যকাল জুলাই-আগষ্টত সমাপ্ত হ’ব। নিৰ্বাচন আয়োগে মঙলবাৰে এই কথা ঘোষণা কৰে ( Election Commission of India)।
গুজৰাটৰ এছ জয়শংকৰ (বৈদেশিক পৰিক্ৰমা মন্ত্ৰী), দিনেশ জেমালভাই আনাভাদিয়া আৰু লোকহান্দৱালা যুগল সিং মাথুৰজীৰ কাৰ্যকাল ১৮ আগষ্টত সমাপ্ত হ’ব । ইফালে, পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ দোলা সেন, ডেৰেক অ’ব্ৰাইন, সুস্মিতা দেৱ, সুখেন্দু শেখৰ ৰয়, শান্তা ছেত্ৰী আৰু কংগ্ৰেছৰ প্ৰদীপ ভট্টাচাৰ্যৰ কাৰ্যকাল ১৮ আগষ্টত সমাপ্ত হ’ব । লগতে, গোৱাৰ বিনয় তেণ্ডুলকাৰৰ কাৰ্যকালো ২৮ জুলাইত শেষ হ’ব ।
নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি ১৩ জুলাইৰ ভিতৰত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব । আনহাতে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ১৭ জুলাই । ভোটগ্ৰহণ আৰু গণনা ২৪ জুলাইত অনুষ্ঠিত হ’ব বুলি ইতিমধ্যেই নিৰ্বাচনী আয়োগে অৱগত কৰিছে।
আন এক বিবৃতিত নিৰ্বাচন আয়োগে কয় যে, পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ লুইজিনহো জোয়াকিম ফালেৰোৰ পদত্যাগৰ ফলত খালী হোৱা ৰাজ্যসভাৰ আসন পূৰণৰ উপ-নিৰ্বাচনো ২৪ জুলাইত অনুষ্ঠিত কৰা হ’ব। ফালেইৰোৱে এপ্ৰিলত পদত্যাগ কৰিছিল আৰু তেওঁৰ কাৰ্যকাল ২০২৬ চনৰ এপ্ৰিলত শেষ হোৱাৰ কথা আছিল ।
লগতে পঢ়ক : Fire at Sonapur Dichang Resort : সোণাপুৰৰ পাটৰকুছিস্থিত দিচাং ৰিজৰ্টত ভয়ংকৰ অগ্নিকাণ্ড