Fire at Sonapur Dichang Resort : সোণাপুৰৰ পাটৰকুছিস্থিত দিচাং ৰিজৰ্টত ভয়ংকৰ অগ্নিকাণ্ড
সোণাপুৰ, ২৮ জুন : বুধবাৰে পুৱাই সোণাপুৰৰ দিচাং ৰিজ’ৰ্টত সংঘটিত হ’ল এক বিধ্বংসী অগ্নিকাণ্ড (Fire at Sonapur Dichang Resort) । অগ্নিকাণ্ডৰ ফলত ৰিজ’ৰ্টখনৰ কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হয় । চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে(Fire at Sonapur Dichang Resort)।
উল্লেখ্য যে নিশা পেণ্ডেলৰ ভিতৰত অনুষ্ঠিত হৈছিল বিবাহ অনুষ্ঠান। অগ্নিকাণ্ড সংঘটিত হোৱা পিছতেই ৰিজোৰ্টখনত থকা লোকসকলৰ মাজত আতংকময় পৰিবেশৰ সৃষ্টি হয় ।
ৰিজ’ৰ্টখনৰ গৰাকী দিলীপ গগৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বুধবাৰে এই ৰিজ’ৰ্টখনৰ চৌহদত থকা স্থায়ী পেণ্ডেলত এক বিবাহ অনুষ্ঠান সম্পন্ন হৈছিল । বিবাহ অনুষ্ঠান সামৰি নিশা ১১ বজাত তেওঁ গুৱাহাটীলৈ আহিছিল ।
এই পেণ্ডেলতেই আছিল বিভিন্ন সা- সামগ্ৰী । বুধবাৰে পুৱা গৰাকীয়ে অগ্নিকাণ্ডৰ খবৰ লাভ কৰি ৰিজ’ৰ্টখনলৈ যায় । সেই সময়লৈকে স্থানীয় লোকৰ সহায়ত অগ্নিনিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই আছিল ।
এই অগ্নিকাণ্ডত সম্পূৰ্ণ পেণ্ডেলটো জ্বলি শেষ হৈ যায় । জানিব পৰা মতে এই পৰ্যন্ত কোনো ধৰণৰ ক্ষয়, ক্ষতি হোৱা নাই যদিও প্ৰায় ৬০ ৰ পৰা ৭০ লাখ টকাৰ সামগ্ৰী অগ্নিকাণ্ডত ভস্মীভূত হয় ।
পেণ্ডেলটোৰ গৰাকীয়ে সন্দেহ কৰা অনুসৰি এই বিস্ফোৰণ চৰ্ট চাৰ্কিটৰ বাবেই হ’ল । উল্লেখ্য যে অগ্নিকাণ্ডৰ ফলত পেণ্ডেলত থকা তিনিটাকৈ চিলিণ্ডাৰো বিস্ফোৰিত হয় ।
এই অগ্নিকাণ্ডৰ বাবে স্থানীয় লোকে এই দুখ প্ৰকাশ কৰিছে । কাৰণ তেওঁলোকে আগবঢ়োৱা ভাষ্য অনুসৰি দিচাং ৰিজ’ৰ্টে বহু বছৰ ধৰি স্থানীয় যুৱক, যুৱতীক সংস্থাপিত কৰি আহিছে ।
লগতে পঢ়ক : Special audit into Kejriwal’s home : ঘৰ মেৰামতিৰ নামত ৪৫ কোটি ব্যয় কৰি বিপদত কেজৰিৱাল