Local, Vocal, Global

Road Accident in Rajasthan: ৰাজস্থানৰ জয়ছালমেৰ জিলাত শোকাৱহ দুৰ্ঘটনা

নেশ্য়নেল ডেস্ক, ১৩ আগষ্ট : ৰাজস্থানৰ জয়ছালমেৰ জিলাত ভয়ংকৰ দুৰ্ঘটনা । ৰাজস্থানৰ জয়ছালমেৰত সীমান্ত সুৰক্ষা বাহিনীৰ ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত । ফলত নিহত এজন আহত ১৩জনকৈ লোক(Road Accident in Rajasthan) ।

শণিবাৰে ৰাজস্থানৰ জয়ছালমেৰত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো । সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) জোৱান কঢ়িয়াই নিয়া এখন ট্ৰাক বাগৰি পৰে ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ।এই দুৰ্ঘটনাত এজন আৰক্ষী জোৱান নিহত হোৱাৰ লগতে প্ৰায় এক ডজন লোক আহত হয় বুলি ৰাজস্থান আৰক্ষীৰ প্ৰিয়ংকা কুমাৱতে জানিবলৈ দিয়ে(1 killed several injured as truck carrying BSF personnel overturns in Rajasthan Jaisalmer)।

প্ৰাপ্ত তথ্য অনুসৰি, সীমান্ত কৰ্তব্যৰ বাবে ওলাই যোৱা বিএছএফৰ ১৪৯ তম কৰ্পৰ সৈনিকসকলে ট্ৰাকখনত যাত্ৰা কৰি আছিল আৰু সেয় সময়তে সীমান্তৰ ইব্ৰাহিম কি ধনী আৰু লাংটালাৰ মাজত বাহৰি পৰিছিল বাহনখন ।

এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা আহত জোৱানসকলক উদ্ধাৰ কৰি জয়ছালমেৰ জিলাত অৱস্তিত চৰকাৰী জৱাহিৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ আৰু মৃত জোৱানজনক বিহাৰৰ ঔৰঙ্গাবাদৰ বাসিন্দা এছ কে দুবে (৪২) বুলি জানিব পৰা গৈছে। ৷ বৰ্তমানেও চিকিৎসাধীন হৈ আছে আহত আৰক্ষীজোৱান(1 jawan killed 13 injured as BSF truck overturns in Rajasthan Jaisalmer) ৷

এই ঘটনাৰ খবৰ পোৱাৰ পিছতে জয়ছালমেৰৰ উপ-আৰক্ষী অধীক্ষক প্ৰিয়ংকা কুমাৱত, এছ এইচ অ’ সত্যপ্ৰকাশ বিষ্ণৈকে ধৰি আন বহু আৰক্ষী জোৱানৰ লগতে সীমান্ত সুৰক্ষা বাহিনীৰ লোকে চিকিৎসালয়ত আহত আৰক্ষী জোৱানসকলৰ স্বাস্থ্যৰ বুজ লয় ৷

উপ-আৰক্ষী অধীক্ষক প্ৰিয়ংকা কুমাৱতে কয় যে, শনিবাৰে পুৱা ১৪৯ নং বেটেলিয়নৰ বিষয়া-জোৱান কঢ়িওৱা এখন ট্ৰাক জয়ছলমেৰ পাৰ হৈ যায় আৰু লাংতলা গাঁৱৰ সমীপত পথত গাঁতৰ সৃষ্টি হোৱাৰ বাবে বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই চালকজনে ৷ ফলত ট্ৰাকখন বাগৰি পৰে ৷ লগতে উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ট্ৰাকখনত১৩ জন বি এছ এফৰ বিষয়া আৰু জোৱানে আছিল ৷ এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে শ্বাহগড় আৰক্ষী থানাৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয় আৰু দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷ মৃত আৰক্ষীজোৱান এছ কে ডুবেৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক :SPRO Kukil Dutta died : স্বাধীনতা দিৱসৰ পেৰেডৰ অনুশীলনৰ সময়ত গুৱাহাটীত অসম আৰক্ষীৰ কনিষ্টবলৰ মৃত্যু