Local, Vocal, Global

Maui wildfires: সংহাৰী বনজুইৰ গ্ৰাসত আমেৰিকাৰৰ মাউই চহৰ

ইন্টাৰনেশ্যনেল ডেস্ক, ১৩আগষ্ট : ভয়ংকৰ দুৰ্যোগৰ কৱলত আমেৰিকাৰ এটা দ্বীপ (Hawaii Wildfires)। প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰিছে মাউয়ি দ্বীপ।সংহাৰী জুইৰ গ্ৰাসত দ্বীপটো । জ্বলি থকা সংহাৰী জুইত এই পৰ্যন্ত কমেও ৮৯ৰো অধিক লোক মৃত্যু মুখত পৰিছে (Hawaii Maui wildfires death toll reaches 89)। এই অগ্নিকাণ্ডটো যোৱা শতিকাটোৰ ভিতৰতে আটাইতকৈ ভয়ংকৰ অগ্নিকাণ্ড হিচাপে পৰিগণিত হৈছে আমেৰিকাত ।

শনিবাৰে কৰ্তৃপক্ষই জনোৱা মতে, বিগত শতিকাৰ আমেৰিকাৰ আটাইতকৈ ভয়ংকৰ অগ্নিকাণ্ড। এক তথ্য অনুসৰি, ২০১৮ চনত উত্তৰ কেলিফৰ্ণিয়াত সংঘটিত হোৱা কেম্প ফায়াৰৰ ফলত প্ৰায় ৮৫ গৰাকী লোকৰ মৃত্যু হৈছিল ।

ইয়াৰ এশ বছৰৰ আগতে ১৯১৮ চনৰ ক্লকেট অগ্নিকাণ্ডত খৰাং পৰিস্থিতিত আক্ৰান্ত উত্তৰ মিনেছ’টাত সংঘটিত হৈছিল এক অগ্নিকাণ্ডৰ ঘটনা । আৰু এই অগ্নিকাণ্ডৰ ফলত হাজাৰ হাজাৰ ঘৰ ধ্বংস হৈছিল আৰু শ শ লোকৰ মৃত্যু হৈছিল। শুকুৰবাৰে সন্ধিয়া লাহাইনাৰ উত্তৰত থকা পশ্চিম মাউইৰ উপকূলীয় সম্প্ৰদায় কানাপালিত চতুৰ্থটো অগ্নকাণ্ডৰ ঘটনা সংঘটিত হয় যদিও ক্ৰুৱে ইয়াক নিৰ্বাপিত কৰিবলৈ সক্ষম হয় বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে(Maui wildfire death toll reaches 89)।

প্ৰথমে শুকান হাবিত জুইৰ সূত্ৰপাত হৈছিল আৰু লাহে লাহে এই জুই জনাঞ্চলৰ ফালে বিয়পি পৰে । এই বনজুয়ে মাউই চহৰত তাণ্ডৱৰ সৃষ্টি কৰিছে । এই জুই ইমানে ভয়ংকৰ আছিলে যে হাজাৰ হাজাৰ ঘৰ জুইত ধ্বংস হৈছে(Maui wildfire death toll reaches 89 making it deadliest in US in 100 years) ।

যেন মৃত্যুৰ কিৰিলি হাৱাই দ্বীপৰ চাৰিওফালো অঞ্চলটোত ।প্ৰাপ্ত তথ্য অনুসৰি, অগ্নিকাণ্ডৰ ফলত সৃষ্টি হোৱা ধ্বংসস্তুপত আৱদ্ধ হৈ আছে বহু মৃতদেহ ।এই পৰ্যন্ত মৃতকৰ সংখ্যা ৮৯ লৈ বৃদ্ধি হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছে বহু লোক । ঘৰ-বাৰী হেৰুৱাইছে বহু লোকে। চাৰিওফালে এক দুখ লগা পৰিৱেশ ।

জানিব পৰা মতে প্ৰশাসনে এতিয়ালৈ প্ৰায় ৪,০০০ৰো অধিক লোকক প্ৰশাসনে আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰিছে । খবৰ অনুসৰি এই অগ্নিকাণ্ডৰ ফলত বহু ক্ষতিগ্ৰস্ত হয় আৰু এই অগ্নিকাণ্ডৰ ফলত বহু মোবাইল টাৱাৰৰ ক্ষতিগ্ৰস্ত হৈছে আৰু দ্বীপটোৰ পশ্চিম ফালে বিদ্যুৎ বিভ্ৰাট হোৱাৰ সম্ভাৱনা আছে(Death toll rises to 89) ।

কৰ্তৃপক্ষই সতৰ্ক কৰি দিছে যে উদ্ধাৰ অভিযান অব্যাহত আছে আৰু মৃত্যুৰ সংখ্যাও বৃদ্ধি হোৱা সম্ভাৱনা আছে ।

প্ৰশাসনে জনোৱা অনুসৰি, আমেৰিকাৰ মাউইৰ এটা উপকূলীয় অঞ্চল শুকুৰবাৰে সন্ধিয়া বনজুই বিয়পি পৰে । অৱশ্যে এই বনজুই অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপণ কৰিবলৈ সক্ষম হয় যদিও নিমিষতে এই জুয়ে আগুৰি ধৰে চাৰিওফালে ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হয় ।

লগতে পঢ়ক :Hawaii Wildfires: সংহাৰী বনজুইৰ গ্ৰাসত আমেৰিকাৰ হাৱাই দ্বীপ; বনজুইত অগ্নিদগ্ধ হৈ মৃত্যু ৫৩জন লোকৰ