বিশ্বৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে-ৰাহুল গান্ধী

হাথৰসৰ দুৰ্ভগীয়া পৰিয়ালটোৰ সৈতে মোক দুখৰ সমভাগী হোৱাত বিশ্বৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে৷ টুইটাৰযোগে এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ৷ উল্লেখ্য যে বুধবাৰে হাথৰসত সংঘটিত হোৱা জঘন্য ধৰ্ষণ কাণ্ডত মৃত্যু হোৱা কিশোৰীগৰাকীৰ পৰিয়ালটোক লগ কৰিবলৈ গৈছিল ৰাহুল গান্ধীয়ে৷ আৰু পৰিয়ালটোক লগ কৰাৰ সময়ত বাধা প্ৰদান কৰিছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে যুৱনেতা ৰাহুল গান্ধীক ১৪৪ ধাৰা ভংগ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে৷
দেশ কঁপোৱা উত্তৰ প্ৰদেশৰ হাথৰসৰ জঘন্য ধৰ্ষণ কাণ্ডই সমগ্ৰ দেশতে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্য৷ লক্ষ্যণীয়ভাৱে উত্তৰ প্ৰদেশ চৰকাৰে ঘটনাৰ তদন্তৰ বাবে গঠন কৰিছিল উচ্চস্তৰীয় তদন্ত কমিটী৷ ইতিমধ্যে উত্তৰ প্ৰদেশ চৰকাৰে ডিএছপি-এছপিকে ধৰি কেইবাজনো উচ্চপদস্থ আৰক্ষী বিষয়াক নিলম্বন কৰিছে৷
আজি পুনৰ হাথৰসলৈ ৰাওনা হ’ব ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী৷ দেশজুৰি চলা তীব্ৰ প্ৰতিবাদৰ অন্তত অৱশেষত হাথৰসৰ বিশেষ গাঁওখনলৈ সাংবাদিকক প্ৰৱেশৰ বাবে অনুমতি প্ৰদান কৰিছে প্ৰশাসনে৷ ঘটনা সংঘটিত হোৱাৰ দিনাৰে পৰা গাঁওখনত সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ আছিল৷