ড্ৰাগছৰ ঘাটিত পৰিণত বৰপেটা জিলা

ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে বৰপেটা জিলা। বৰপেটাৰ জিলাৰ হাউলীত পুনৰ জব্দ হয় নিচাযুক্ত টেবলেট। হাউলী আৰক্ষীয়ে নিচাযুক্ত টেবলেটসহ এজন যুৱকক আটক কৰে। আৰক্ষীয়ে আটক কৰা যুৱকজন হাউলীৰ নগৰঝাৰ গাঁৱৰ আব্দুল আজিজৰ পুত্ৰ বাহাৰুল ইছলাম (৩০)।
হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত অভিযান চলাই আৰক্ষীয়ে ধৃত যুৱকজনক হাউলীৰ নগৰঝাৰৰ নিজ ঘৰৰ পৰা ২২৫ টা নিচাযুক্ত টেবলেটৰ সৈতে আটক কৰে। আৰক্ষীয়ে আটক কৰা যুৱকজনে বহু দিন ধৰি নিচাযুক্ত টেবলেটৰ ব্যৱসায়ী চলাই আহিছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে নিচাযুক্ত টেবলেটৰ সৈতে এটি ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, ড্ৰাগছ সেৱন কৰা দুডাল পাইপ আৰু এটা মোবাইল হেন্ডচেট উদ্ধাৰ কৰিছে। শুকুৰবাৰেও হাউলী আৰক্ষীয়ে মহিবুল ইছলাম নামৰ এজনক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে ।
বিগত মাহটোত বৰপেটা জিলাখনৰ কেবাঠাইটো আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ, নিচাযুক্ত টেবলেটৰ সৈতে ২০ জনৰো অধিক ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ বৰপেটা জিলাত এজনৰ পিছত আনজন ড্ৰাগছ ব্যৱসায়ীক প্ৰতিদিনে ব্ৰাউন চুগাৰ আৰু নিচাযুক্ত দৰৱৰ বটল, টেবলেটৰ সৈতে উদ্ধাৰৰ ঘটনাক লৈ জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷