Local, Vocal, Global

Indian Coast Guard ৰ সাহস বঢ়াব কনকলতাই

Indian Coast Guard Ship কনকলতা বৰুৱা। সাগৰৰ বুকুৰে যুঁজিব কনকলতা বৰুৱা। ভাৰতীয় উপকূল বাহিনীৰ এখন নতুন জাহাজ নামকাৰণ কৰে কনকলতা বৰুৱাৰ নামেৰে। গহপুৰৰ জীয়ৰী শ্বহীদ কনকলতাৰ এক গৌৰৱময় অধ্যায় যাৰ মৃত্যু হৈছিল স্বাধীনতা আন্দোলনত এই কথা প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত খোদিত। যাৰ বীৰত্ব কাহিনী জীয়াই ৰাখিছে প্ৰতি গৰাকী অসমীয়াৰ মৰ্মে মৰ্মে। সেই বীৰত্বৰ বাবেই তেওঁৰ নাম জীয়াই ৰখাৰ চেষ্টা ভাৰতীয় উপকূল বাহিনীৰো। এই কথা কলকতাত অনুষ্ঠিত এক অনুষ্ঠানত ঘোষণা কৰে অতিৰিক্ত সচিব জীৱেশ নন্দনে। Indian Coast Guard Ship কনকলতা বৰুৱা নিৰ্মান কৰিছে কলকতা Garden Reach shipbuilders and engineer (GRSE) নামৰ জাহাজ বনোৱা কোম্পানীটোৱে।এইখন fast patrol vehicle চমুকৈ FPV ৰ পঞ্চম আৰু অন্তিম খন জাহাজ।ইয়াৰ দৈৰ্ঘ ৫০ মিটাৰ।
ভাৰতীয় উপকূল বাহিনীয়েও ইয়াৰ পূৰ্বেও এখন জাহাজ তেওঁৰ নামত নামকৰণ কৰিছিল।সেইখন ICGS কনকলতা বৰুৱা ১৯৯৭ চনত অন্তৰ্ভুক্ত হৈছিল আৰু ২০১৭ ত অৱসৰ পায়। ২০ বছৰত বহু সন্ধান আৰু উদ্ধাৰ অভিযানৰ লগতে বিদেশী নাও জব্দ কৰা কামত ব্যৱহাৰ হৈছিল ICGS কনকলতা বৰুৱা।২০১৮ চনত সেই জাহাজ খন ভাঙি পেলোৱা হয়।