Rahul Gandhi Visit in Manipur : ইম্ফলৰ পৰা ২০ কিলোমিটাৰ আঁতৰতে আৰক্ষীয়ে ৰখাই দিলে ৰাহুল গান্ধীৰ কনভয়
নেশ্যনেল ডেস্ক, ২৯ জুন : বৃহস্পতিবাৰে উত্তৰ পূৰ্বাঞ্চলৰ হিংসাৰে জৰ্জৰিত হৈ থকা মণিপুৰত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi Visit in Manipur) । অৱশ্যে ইম্ফলৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰতে ৰাখি দিয়া হয় ৰাহুল গান্ধীৰ কনভয়ক(Rahul Gandhi Visit in Manipur) । ৰাজ্যখনৰ হিংসাৰ কেন্দ্ৰস্থল চুৰাচান্দপুৰলৈ বুলি কংগ্ৰেছ নেতাগৰাকী ৰাওনা হৈছিল ।
উল্লেখ্য যে যোৱা ৩ মে’ৰ পৰা অবিৰতভাৱে মণিপুৰত হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈ আহিছে । বৃহস্পতিবাৰে পুৱাভাগতে ৰাজ্যখনৰ ইম্ফলত পুনৰ আন এক ভয়ংকৰ ঘটনা সংঘটিত হয় । পূৰ্বৰ হিংসাত্মক আক্ৰমণৰ ঘটনাত ক্ষতিগ্ৰস্ত ইম্ফল পশ্চিম জিলাৰ গাওঁবাসীৰ ওপৰত সশস্ত্ৰ দুৰ্বৃত্তৰ দলে গুলীচালনা কৰে । যাৰ ফলত এজন লোক নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে ।
অৱশ্যে তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় নিৰাপত্তা বাহিনীৰ দল । আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ দলে দুৰ্বৃত্তৰ সন্ধানত ইতিমধ্যে অভিযান আৰম্ভ কৰিছে । মন কৰিবলগীয়া যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ইম্ফলত উপস্থিত হোৱাৰ মাত্ৰ কিছু সময়ৰ পূৰ্বে এই ঘটনাটো সংঘটিত হয় । যাৰ বাবে ৰাহুল গান্ধীৰ নিৰাপত্তাৰ দিশটোক অতি গুৰুত্ব সহকাৰে লোৱা বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে ।
উল্লেখ্য যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে পুৱাই মণিপুৰত উপস্থিত হৈ হিংসাজৰ্জৰ অঞ্চললৈ বুলি ৰাওনা হয় । দুদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণৰ এই সময়ত ৰাহুল গান্ধীয়ে ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি পোৱা সংকটৰ মোকাবিলা কৰা আৰু বৰ্ধিত হিংসাৰ দ্বাৰা প্ৰভাৱিত সম্প্ৰদায়সমূহক সমৰ্থন আগবঢ়োৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব ।
ইফালে ৰাজ্যখনৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাহুল গান্ধীৰ কনভয়ক ইম্ফলৰ পৰা প্ৰায় ২০ কিলোমিটাৰ আঁতৰৰ বিষ্ণুপুৰতে ৰখাই দিয়া হয় । তাৰ পাছত কংগ্ৰেছ নেতাগৰাকী চুৰাচান্দপুৰলৈ যাত্ৰা আৰম্ভ কৰা বুলি জানিব পৰা গৈছে । কংগ্ৰেছ নেতাগৰাকীয়ে চুৰাচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাৰ একাংশ সাহায্য শিবিৰ পৰিদৰ্শন কৰাৰ লগতে আৰু ভুক্তভোগী লোকসকলৰ লগতো বাৰ্তালাপ কৰিব বুলি জানিব পৰা গৈছে ।
প্ৰাপ্ত তথ্য অনুসৰি, ৰাহুল গান্ধীয়ে তেখেতৰ এই ভ্ৰমণকালত মণিপুৰৰ বিভিন্ন নাগৰিক সমাজ আৰু দল সংগঠনৰ সৈতেও ৰাজ্যখনৰ পৰিস্থিতি সম্পৰ্কে আলোচনা কৰিব ।
ৰাজ্যখনৰ মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত হোৱা হিংসাত্মক ঘটনাৰ ফলত বৰ্তমানলৈকে কমেও ১১৫ গৰাকী লোকৰ মৃত্যু ঘটিছে আৰু ৬০,০০০ৰো অধিক লোক বাসগৃহৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে । চৰকাৰী সূত্ৰে পোৱা তথ্য অনুসৰি, বৰ্তমানেও প্ৰায় পঞ্চাশ হেজাৰ লোক ৰাজ্যখনৰ বিভিন্ন স্থানত স্থাপন কৰা ৩০০ তকৈও অধিক সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে ।
লগতে পঢ়ক : Rahul Gandhi Visit Manipur : দুদিনীয়া কাৰ্যসূচীৰে মণিপুৰত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী