Local, Vocal, Global

Pop singer Madonna is Hospitalized : গুৰুতৰভাৱে অসুস্থ হৈ আই চি ইউত ভৰ্তি পপ গায়িকা মেডোনা,  স্থগিত বিশ্ব ভ্ৰমণৰ কাৰ্যসূচী

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৯ জুন : গুৰুতৰভাৱে অসুস্থ পপ গায়িকা মেডোনা(Pop singer Madonna is Hospitalized) । বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে কেইবাদিনো ধৰি নিউয়ৰ্ক চহৰৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে গায়িকাগৰাকী(Pop singer Madonna is Hospitalized) । গায়িকাগৰাকীৰ মেনেজাৰ গাই ওজাৰীয়ে প্ৰকাশ কৰা অনুসৰি মেডোনাৰ অৱস্থা পূৰ্বতকৈ ভাল হৈছে যদিও সম্পূৰ্ণ সুস্থ হ’বলৈ সময় লাগিব (Pop singer Madonna is Hospitalized)।

বুধবাৰে মেডোনাৰ দীৰ্ঘকালৰ মেনেজাৰ গাই ওজাৰীয়ে ইনষ্টাগ্ৰামত গায়িকাগৰাকীৰ অসুস্থতাৰ বিষয়ে এক বিবৃতি প্ৰকাশ কৰে।

বিবৃতিটোত তেওঁ লিখিছে, ‘২৪ জুনত তেওঁক গুৰুতৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে আইচিইউলৈ লৈ যোৱা হৈছিল। তেওঁৰ শাৰীৰিক অৱস্থাৰ উন্নতি ঘটিছে যদিও তেওঁ আৰু কেইদিনমান ডাক্তৰৰ পৰ্যবেক্ষণত থাকিব লাগিব।

অহা মাহৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল মেডোনাৰ ৮৪ দিনীয়া বিশ্ব ভ্ৰমণ । মেড’নাৰ বিশ্ব ভ্ৰমণৰ কাৰ্যসূচী সাময়িক ভাৱে স্থগিত ৰখা হ’ল । কিন্তু ৬৪ বছৰীয়া গায়িকাগৰাকীৰ বাবে সেইটো আৰম্ভ কৰা সম্ভৱ নহ’ব বুলি বিবৃতিটোত স্পষ্ট কৰি দিয়ে গাই ওজাৰীয়ে।

লগতে তেওঁ কয়, ‘এই পৰিস্থিতিত আমি বিশ্ব ভ্ৰমণকে ধৰি পূৰ্বৰ সকলো ধৰণৰ প্ৰতিশ্ৰুতি স্থগিত ৰাখিব লাগিব, ইয়াৰ ভিতৰত বিশ্ব ভ্ৰমণ কাৰ্যসূচীও আছে। ইয়াৰ বিষয়ে আমি অতি সোনকালে সবিশেষ দিম। নতুন ভ্ৰমণৰ আৰম্ভণিৰ তাৰিখ আৰু সংশোধিত সময়সূচী অৱগত কৰা হ’ব।

উল্লেখ্য যে মেড’নাই তেওঁ ৪০ বছৰীয়া সাংগীতিক সুৰিয়া যাত্ৰা সম্পূৰ্ণ হোৱাৰ বাবে বিশ্ব ভ্ৰমণ কাৰ্যসূচী ঘোষণা কৰিছিল(Postpones Her World Tour)। ১৫ জুলাইত আমেৰিকাৰ পৰা আৰম্ভ হ’বলগীয়া এই কাৰ্যসূচী ১ ডিচেম্বৰত আমষ্টাৰডামত অন্ত পৰাৰ কথা আছিল ।

আমেৰিকাৰ বিভিন্ন সংবাদ মাধ্যমৰ মতে, মেডোনাৰ কন্যা লৰ্ড লিঅ’ তেওঁৰ কাষত আছে । ২০১৯ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২০ চনৰ মাৰ্চলৈকে শেহতীয়া বিশ্ব ভ্ৰমণ ‘মেডাম এক্স’ত অংশগ্ৰহণ কৰিছিল মেডোনাই। তিনি বছৰৰ পাছত তেওঁৰ এই ভ্ৰমণ সেয়েহে অনুৰাগীৰ মাজত অতি আকৰ্ষণৰ বিষয় হৈ পৰিছিল।

লগতে পঢ়ক : Allahabad High Court in Adipurush case : ভুল তথ্যেৰে কোৰানৰ বিষয়ে তথ্যচিত্ৰ বনাওক, কি অৱস্থা হয় চাওঁ