Local, Vocal, Global

Allahabad High Court in Adipurush case : ভুল তথ্যেৰে কোৰানৰ বিষয়ে তথ্যচিত্ৰ বনাওক, কি অৱস্থা হয় চাওঁ

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, ২৯ জুন : বিতৰ্কই যেন লগ এৰা নাই ‘আদিপুৰুষ’ক(Allahabad High Court in Adipurush case)। এতিয়া এই ছবিখনৰ প্ৰদৰ্শন নিষিদ্ধ কৰাৰ দাবীত এলাহাবাদ উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে (Allahabad High Court in Adipurush case)। সেই গোচৰৰ শুনানি হৈছিল মঙলবাৰে ।

বুধবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে ছবি নিৰ্মাতাসকলক সকলো ধৰ্মীয় গ্ৰন্থ আৰু মহাকাব্যৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাই আৰু পৰিচালক ওম ৰাউতৰ আদিপুৰুষৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়ত ছবি নিৰ্মাতাসকলক তেওঁলোকৰ ওপৰত চিনেমা নিৰ্মাণ নকৰিবলৈ কয় ।

শুনানিৰ সময়ত ন্যায়াধীশ ৰাজেশ সিং চৌহান আৰু প্ৰকাশ সিঙৰ বিচাৰপীঠে ছবি নিৰ্মাতাসকলক তীব্ৰ সমালোচনা কৰে । লগতে স্পষ্ট কৰি দিয়ে যে নিৰ্মাতাসকলে ধৰ্মীয় কিতাপৰ অথবা কোৰাণৰ ওপৰত কোনো ধৰণৰ ছবি নিৰ্মাণ কৰিব নোৱাৰে।

মঙলবাৰৰ পিছত পুনৰ বুধবাৰে শুনানি অনুষ্ঠিত হয় । ন্যায়াধীশ ৰাজেশ সিং চৌহানে পুনৰবাৰ ‘আদিপুৰুষ’ৰ নিৰ্মাতাসকলক তিৰস্কাৰ কৰে।

ন্যায়াধীশগৰাকীয়ে কয় যে , ‘আদিপুৰুষ ছবিখনত কুত্‍সিত আৰু নিম্নমানৰ সংলাপ ব্যৱহাৰ কৰা হৈছে । সেইবাবে চৰিত্ৰসমূহৰ চিত্ৰণত মেকাৰসকলে সফলতা আনিব পৰা নাই।

ন্যায়াধীশগৰাকীয়ে লগতে কয় যে, ‘আপুনি কোনো ধৰ্মগ্ৰন্থৰ ওপৰত চিনেমা নিৰ্মাণ কৰা উচিত নাছিল । মই স্পষ্টকৈ কৈছোঁ যে যিকোনো ধৰ্মক স্পৰ্শ কৰা ছবি নিৰ্মাণ কৰিব নোৱাৰিব । কোনো কাৰণতে কোনো ধৰ্মক সাধাৰণ জনতাৰ সন্মুখত ভুলকৈ উপস্থাপন কৰিব নালাগে।”

এলাহাবাদ ন্যায়াধীশে আদিপুৰুষ নিৰ্মাতাসকলক সমালোচনা কৰি কয় যে , ‘যদি ক্ষমতা আছে তেন্তে ভুল তথ্যৰে কোৰাণৰ ওপৰত এখন সৰু তথ্যচিত্ৰ নিৰ্মাণ কৰক (Suppose a small documentary was made on the Quran)। তেতিয়া আপোনাৰ অৱস্থা কেনেকুৱা হৈছে চাম । কেৱল পকেট ভৰোৱাৰ বাবেই ভুল তথ্যৰে চিনেমা নিৰ্মাণ কৰিছে প্ৰযোজকসকলে। কোনো ধৰ্মৰ মানুহক আঘাত দিব পৰা বস্তু সৃষ্টি নকৰিব। ভৱিষ্যতে কোনো ধৰ্মক লৈ চিনেমা নিৰ্মাণ নকৰিব।”

অৱশ্যে বুধবাৰৰ শুনানিত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজেশ সিং চৌহানে কেৱল ছবি নিৰ্মাতাৰ পৰাই নহয়, চেন্সৰ ব’ৰ্ডকো সমালোচনা কৰে।

ন্যায়াধীশৰ মতে, চেন্সৰ ব’ৰ্ডে কেনেকৈ এই ছবিখন মুক্তিৰ অনুমতি দিলে মই বুজি নাপাওঁ। ইমান সমালোচনাৰ পিছতো আমি কিয় মৌন হৈ আছো? আচলতে হিন্দু মানুহ অতি সহনশীল । আৰু সেইবাবেই নিৰ্মাতাসকলে এনে পৰীক্ষা-নিৰীক্ষা কৰিবলৈ সাহস কৰি আছে ।

লগতে পঢ়ক : Death threat to Salman Khan : পুনৰ ছুপাৰষ্টাৰ ছলমান খানক হত্যাৰ ভাবুকি