Local, Vocal, Global

Rahul Gandhi Visit Manipur : দুদিনীয়া কাৰ্যসূচীৰে মণিপুৰত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী

নেশ্যনেল ডেস্ক,২৯ জুন : পুনৰ উত্তপ্ত মণিপুৰ (Rahul Gandhi Visit Manipur) । ৰাহুল গান্ধীৰ ভ্রমণৰ মাজতে পুনৰ হিংসাত্মক ঘটনা সৃষ্টি হয় মণিপুৰত(Rahul Gandhi Visit Manipur)। কিছু সময় পূৰ্বে মণিপুৰত কংগ্ৰেছ নেতাগৰাকী উপস্থিত হৈছিল যদিও পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় (Rahul Gandhi Visit Manipur)। পূব ইম্ফলত বিদ্রোহীৰে গুলীয়াগুলীত আহত হয় ৬ জনকৈ লোকৰ(Manipur Violence) ।

আনহাতে এই ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে । চেনজেম চিৰামত সংঘটিত হৈছে এই ঘটনা।

হিংসাজৰ্জৰ মণিপুৰত বৃহস্পতিবাৰে উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী(Rahul Gandhi Visit Manipur) । বিভিন্ন আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি তাত থকা লোকসকলৰ সৈতে বাৰ্তালাপ কৰিব ৰাহুলে । চুৰাচান্দপুৰ আৰু বিষ্ণুপুৰ জিলা ভ্ৰমণ কৰিব নেতাগৰাকীয়ে ।

উল্লেখ্য যে, ৩ মেৰ পৰা মণিপুৰত আৰম্ভ হৈছিল হিংসাত্মক পৰিস্থিতিৰ উত্তেজনা(Manipur Violence) । জাতিগত সংঘৰ্ষৰ ফলত এই পৰ্যন্ত ১০০ৰো অধিকলোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে বহুতো । ইয়াৰ লগতে বহুতৰ ঘৰ-বাৰীৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে নিৰাপত্তাবাহিনীয়ে উদ্ধাৰ কৰিছে বহুলোকক। কিন্তু বিদ্ৰোহৰ ইমানদিন পাছতো শাম কটা নাই পৰিস্থিতিৰ । কেন্দ্ৰীয় তথা ৰাজ্যচৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়াও শান্তি ঘূৰি অহা নাই মণিপুৰলৈ ।

ইয়াৰ মাজতে বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী । এই ভ্ৰমণকালত নেতাগৰাকীয়ে সাহায্য শিবিৰ পৰিদৰ্শন কৰিব আৰু তাত থকা ভুক্তভোগীসকলক সাক্ষাৎ কৰিব । নাগৰিক সমাজৰ লগতে বিভিন্ন সংগঠনৰ সৈতেও তেওঁ বাৰ্তালাপ কৰিব ।

জানিব পৰা মতে ৩ মে’ত হিংসাত্মক পৰিস্থিতি আৰম্ভ হোৱাৰ পাছত এয়া কংগ্ৰেছ নেতাগৰাকীৰ প্ৰথমটো মণিপুৰ ভ্ৰমণ । ইম্ফলত উপস্থিত হোৱাৰ পাছতে ৰাহুল গান্ধীয়ে সংঘৰ্ষৰ কেন্দ্ৰ চুৰাচান্দপুৰ ভ্ৰমণ কৰিব । তাৰ পাছত তেওঁ বিষ্ণুপুৰ জিলাৰ মইৰাঙলৈ যাব আৰু শিবিৰত আশ্ৰয় লোৱাসকলৰ সৈতে বাৰ্তালাপ কৰিব । দলীয় সূত্ৰই জনোৱা মতে ৰাহুল গান্ধীয়ে শুকুৰবাৰে ইম্ফলৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰিব আৰু পাছত কিছুমান নাগৰিক সমাজ সংগঠনৰ সৈতে বাৰ্তালাপ কৰিব ।

লক্ষণীয়ভাৱে গৃহমন্ত্ৰী অমিত শ্বাহেও ইয়াৰ পূৰ্বে ৰাজ্যখন ভ্ৰমণ কৰিছিল । সেই ভ্ৰমণকালত তেওঁ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছিল । বৈঠকৰ পাছত তেওঁ ৰাজ্যখনৰ জনসাধাৰণক আশ্বাস প্ৰদান কতৰিছিল যে ৰাজ্যখনৰ পৰিৱেশ নষ্ট কৰিবলৈ চেষ্টা কৰা যিকোনো লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব । হিংসা প্ৰতিহত কৰাৰ বাবেও পদক্ষেপ লোৱা হ’ব ।

অৱশ্যে এতিয়ালৈ ৰাজ্যখনৰ পৰিস্থিতি উন্নত নোহোৱাত এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাজ্যবাসী ।

লগতে পঢ়ক : Manipur Violence : প্ৰতিবাদ স্বৰূপে মোদীৰ অনুষ্ঠান বৰ্জন দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ