Local, Vocal, Global

Rahul Gandhi on police manhandling wrestlers: ৰাজ অভিষেক শেষ, এতিয়া অহংকাৰী ৰজাই কণ্ঠ ৰোধ কৰিছে : ৰাহুল গান্ধী

নতুন দিল্লী, ২৮ মে’: দেওবাৰে দিল্লী আৰক্ষীয়ে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ বিৰুদ্ধে লোৱা পদক্ষেপক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী(Congress leader Rahul Gandhi)য়ে কয় যে “ৰজাই ৰাজপথত ৰাইজৰ কণ্ঠস্বৰ চেপি ধৰিছে ”(King is crushing the voice of people on street)।

ৰাহুলে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক আৰক্ষীয়ে টানি নিয়া আৰু হতাহাতি কৰাৰ এটা ভিডিঅ’ টুইট কৰিছে (Rahul Gandhi on police manhandling wrestlers) । তেওঁ হিন্দীত লিখিছে- ” ৰাজাভিষেক পুৰা হুৱা – অহংকাৰী ৰাজা সডকো পৰ কুচল ৰহা জনতা কি আৱাজ !’ ( ৰাজ অভিষেক শেষ – ৰাজপথত জনসাধাৰণৰ মাত চেপি ধৰিছে অহংকাৰী ৰজাই !)

দেওবাৰে দেশৰ শীৰ্ষ মল্লযুঁজাৰুসকলে যন্তৰ মন্তৰত অৱস্থান কৰা প্ৰতিবাদস্থলীৰ পৰা নতুন সংসদ ভৱনলৈ নিৰ্ধাৰিত পদযাত্ৰা কৰাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে তেওঁলোকক আটক কৰিছিল । মল্লযুঁজাৰুসকলে নতুন সংসদ ভৱনৰ সন্মুখত এখন মহিলা মহাপঞ্চায়ত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছিল ।

পৰিকল্পিত মহিলা মহাপঞ্চায়ত অনুষ্ঠিত কৰাৰ বাবে নতুন সংসদ ভৱনৰ দিশে নিৰাপত্তা বেষ্টনী ভাঙি যাবলৈ চেষ্টা কৰাৰ সময়তে আইন-শৃংখলা উলংঘনৰ বাবে বিনেশ ফোগাট, সাক্ষী মালিক আৰু বজৰং পুনিয়াক দিল্লী আৰক্ষীয়ে আটক কৰে । লগতে মল্লযুঁজাৰুসকলক বাছত ঠেলি হেচি ভৰাই বিভিন্ন অজ্ঞাত স্থানলৈ লৈ যোৱাৰ লগে লগে আৰক্ষী বিষয়াসকলে মল্লযুঁজাৰুসকলৰ অন্যান্য সামগ্ৰীৰ লগতে খাট, গাদী, কুলাৰ, ফেন আৰু টাৰ্পলিন চিলিং আদিবোৰ আঁতৰাই প্ৰতিবাদস্থলী মুকলি কৰিবলৈ আৰম্ভ কৰে ।

এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই যদিও আৰক্ষীয়ে মল্লযুঁজাৰুসকলক প্ৰতিবাদস্থলীলৈ উভতি যাবলৈ নিদিয়ে যেন অনুমান কৰিব পাৰি । ইয়াৰ ফলত যন্তৰ মন্তৰত মল্লযুঁজাৰুসকলৰ প্ৰতিবাদৰ বলপূৰ্বক অন্ত পৰিব পাৰে । আৰক্ষীয়ে মল্লযুঁজাৰুসকলক সংসদৰ ফালে আগবাঢ়ি নাযাবলৈ সকীয়াই দিছিল যদিও তেওঁলোক আগবাঢ়ি গৈছিল, যাৰ ফলত এই হতাহাতি আৰম্ভ হয় ।

ইফালে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক আৰক্ষীয়ে বলপূৰ্বকভাৱে আঁতৰাই দিয়াৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি মল্লযুঁজাৰু সাক্ষী মালিকে টুইটাৰত লিখিছে- “আমাৰ চেম্পিয়নসকলৰ লগত এনে ব্যৱহাৰ কৰা হৈছে। বিশ্বই আমাক চাই আছে !”

কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাইও চেম্পিয়ন মল্লযুঁজাৰুসকলৰ সৈতে কৰা আচৰণক লৈ বিজেপি চৰকাৰক সমালোচনা কৰে । এটা টুইটৰ জড়িয়তে তেখেতে লিখিছে, “খেলুৱৈসকলৰ বুকুত থকা পদকবোৰ হৈছে আমাৰ দেশৰ গৌৰৱ। সেই পদকবোৰৰ লগতে ক্ৰীড়াবিদসকলৰ কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে দেশৰ সন্মান বৃদ্ধি পায় । বিজেপি চৰকাৰৰ অহংকাৰ ইমানেই বৃদ্ধি পাইছে যে চৰকাৰে আমাৰ মহিলা খেলুৱৈসকলৰ কণ্ঠস্বৰ ৰোধ কৰি তেওঁলোকৰ বুটজোতাৰে মোহাৰি পদদলিত কৰিছে ।”এয়া একদম বেয়া হৈছে । সমগ্ৰ দেশে চৰকাৰৰ অহংকাৰ আৰু এই অন্যায় চাই আছে” ।

যোৱা ২৩ এপ্ৰিলত ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বী ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে পুনৰ আন্দোলন আৰম্ভ কৰিছিল আৰু নাবালিকাকে ধৰি কেইবাগৰাকীও মহিলা গ্ৰেপলাৰক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছিল । বিনেশ ফ’গাট, তেওঁৰ খুলশালীয়েক ভগ্নী সংগীতা ফ’গাট আৰু সাক্ষীয়ে বেৰিকেড ভংগ কৰিবলৈ চেষ্টা কৰাৰ সময়ত মল্লযুঁজাৰু আৰু আৰক্ষী বিষয়াৰ মাজত ইজনে সিজনক ঠেলি-ঠেলি কৰাৰ সময়ত যন্তৰ মন্তৰত এক বিশৃংখল দৃশ্যও দেখা গৈছিল ।

লগতে পঢ়ক: Inauguration of new Parliament building: ৰাজ অভিষেক আখ্যাৰে নতুন সংসদ ভৱন উদ্বোধনক লৈ ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰীক সমালোচনা