vehicle caught fire on highway : ৰাষ্ট্ৰীয় ঘাইপথতে জ্বলি উঠিল চাৰিচকীয়া বাহন

অভয়াপুৰী, ২৮ মে’ : অভয়াপুৰীৰ দেওহাটী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক আজৱ ঘটনা (vehicle caught fire in highway) । বৰপেটা জিলাৰ কান্ধুলীয়াৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা অৱস্থাত হঠাতে জ্বলি উঠে এখন চাৰিচকীয়া বাহন । AS 19S 4282 নম্বৰৰ XUV 300 চাৰিচকীয়া বাহন খনৰ মালিক আব্দুছ আলম ছিদ্দিকে আব্দুছৰ সৈতে আৰু তিনিজন বন্ধুৰ সৈতে যাত্ৰা কৰিছিল । সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক আহত হোৱা নাই । কথমপি প্ৰানৰক্ষা পৰিল চাৰিওজন যাত্ৰীৰ । আটাইকেইজনেই অক্ষত অৱস্থাত পলায়ন কৰে ঘটনা স্থলিৰ পৰা । কিন্তু, সকলোৰে দৃষ্টি আকৰ্ষণ কৰা কথাটো হ’ল কোনো সতৰ্কবাণী নোহোৱাকৈয়ে কেনেকৈ বাহন খনত জুই লাগিল ।
বাহনখনৰ মালিকে সন্দেহ কৰা অনুসৰি কোনো যান্ত্ৰিক বিজুতিৰ বাবে এই ঘটনা সংঘটিত হৈছে (mechanical failure) । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে । পিছত স্থানীয় যান-বাহন আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।
উল্লেখ্য যে অসমত এইয়াই প্ৰথম ঘটনা নহয় ইয়াৰ পূৰ্বেও চলিত মাহৰ আৰম্ভণিতে ডিব্ৰুগড় জিলাৰ মানকাটা স্থানীয়তাত যান্ত্ৰিক বিজুতিৰ বাবে মহিন্দ্ৰা স্কৰ্ফিঅ’ বাহনত জুই লাগিছিল ।
বাহনত যান্ত্ৰিক বা বৈদ্যুতিক বিজুতি সাধাৰণতে তেতিয়াই হয় যেতিয়া বৈদ্যুতিক তাঁৰ ব্যৱস্থাত অতিৰিক্ত আনুষংগিক বস্তু ফিট কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হয় । তেল বা ইন্ধন লিকেজ, ইঞ্জিন অতি উত্তাপ আৰু দুৰ্বল অংশত উচ্চ চাপৰ দৰে যান্ত্ৰিক বিসংগতিয়েও জুইৰ সৃষ্টি কৰিব পাৰে ।
লগতে পঢ়ক : Earthquake in Assam: গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকাৰণি