Local, Vocal, Global

Fresh clashes in Manipur: প্ৰতিশোধমূলক অভিযানৰ সময়ত মণিপুৰত ৪০ জন উগ্ৰপন্থী নিহত, মুখ্যমন্ত্ৰী এন বীৰেন সিং

ইম্ফল, ২৮ মে,: উত্তৰ-পূবৰ ৰাজ্যখনত কেইসপ্তাহমান পূৰ্বৰে পৰা সংঘটিত হৈ থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে মণিপুৰৰ বিভিন্ন অঞ্চলত ‘প্ৰতিশোধমূলক আৰু প্ৰতিৰক্ষামূলক’ অভিযানত নিৰাপত্তা বাহিনীৰ দ্বাৰা প্ৰায় ৪০ জন উগ্ৰপন্থী নিহত(Security forces have killed around 40 terrorists) হোৱা বুলি দেওবাৰে মুখ্যমন্ত্রী এন বীৰেণ সিঙে উল্লেখ কৰে (Chief Minister N Biren Singh) ৷

মুখ্যমন্ত্রী এন বীৰেণ সিঙে কয় যে, “নিৰস্ত্ৰ জনসাধাৰণৰ বিৰুদ্ধে অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰা এই সন্ত্ৰাসবাদী গোটসমূহৰ বিৰুদ্ধে প্ৰতিশোধ আৰু প্ৰতিৰক্ষামূলক অভিযানত ইয়াৰে প্ৰায় ৪০ জন বিভিন্ন অঞ্চলত নিহত হৈছে (Retaliatory and defensive operations against terrorist)। ইয়াৰ মাজত দুই এজনক নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰো কৰিছে।” মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয় যে দেওবাৰে সমগ্ৰ মণিপুৰৰ ২০ টাতকৈও অধিক স্থানত উগ্ৰপন্থী সংগঠন আৰু নিৰাপত্তাৰক্ষীৰ মাজত নতুনকৈ সংঘৰ্ষৰ সৃষ্টি হৈছে ।

মুখ্যমন্ত্ৰী সিঙে দাবী কৰে যে শেহতীয়াকৈ হোৱা সংঘৰ্ষ প্ৰতিদ্বন্দ্বী সম্প্ৰদায়ৰ মাজত হোৱা নাই, বৰঞ্চ এইয়া কুকি উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ মাজতহে সংঘটিত হৈছে। লগতে তেওঁ কয় যে অস্ত্ৰধাৰী উগ্ৰপন্থীৰ দ্বাৰা এ কে ৪৭, এম-১৬ আৰু স্নাইপাৰ আদি ৰাইফলেৰে সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনা কৰাৰ ঘটনাও সংঘটিত হৈছে । এই উগ্ৰপন্থীসমূহক নিৰাপত্তা বাহিনীয়ে প্ৰতি-আক্ৰমণ হিচাপে লক্ষ্য কৰি লৈছিল । লগতে নিৰাপত্তাৰক্ষীৰ অভিযানত বাধা প্ৰদান নকৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক চৰকাৰৰ ওপৰত আস্থা ৰাখি নিৰাপত্তা বাহিনীক সমৰ্থন কৰিবলৈ আহ্বান জনায় ।

ইমান দিনে আমি বিভিন্ন কষ্টৰ সন্মুখীন হৈ আহিছো আৰু আমি কেতিয়াও ৰাজ্যখনক বিভাজিত হ’বলৈ নিদিওঁ বুলিও সিঙে উল্লেখ কৰে । সাধাৰণ নাগৰিকক হত্যা আৰু সা-সম্পত্তি বিনষ্ট কৰা আৰু ঘৰ-দুৱাৰ জ্বলাই দিয়াৰ দৰে দুষ্কাৰ্য্যৰ লগত জড়িত বহু কুকি উগ্ৰপন্থীক ইতিমধ্যে জাট ৰেজিমেণ্টে বন্দী কৰিছে বুলিও তেওঁ কয়। ইফালে ২১ মে’ৰ পুৱতি নিশা সংঘটিত হোৱা শেহতীয়া সংঘৰ্ষ সেনাই শান্তি আনিবলৈ জনগোষ্ঠীসমূহক অস্ত্ৰমুক্ত কৰাৰ অভিযান চলোৱাৰ পিছতহে আৰম্ভ হোৱা বুলি ৰাজ্যখনৰ শীৰ্ষ বিষয়াসকলে উল্লেখ কৰে ।

শেহতীয়া সংঘৰ্ষটো আৰম্ভ হৈছিল সেনাই শান্তি অনাৰ বাবে সম্প্ৰদায়সমূহক অস্ত্ৰমুক্ত কৰিবলৈ অভিযান আৰম্ভ কৰাৰ পিছত। উল্লেখ্য যে, ২১ মে’ৰ পুৱতি নিশা ইম্ফল পশ্চিমৰ উৰিপোকত থকা বিজেপি বিধায়ক খোৱাইৰাকপাম ৰঘুমানী সিঙৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে তেওঁৰ দুখন বাহনত জুই লগাই দিছিল ।

সেই দিনটোতে পুৱাৰ ভাগত ইম্ফল উপত্যকাৰ অন্তৰ্গত বহুকেইখন জিলাৰ কেইবাটাও স্থানত নতুনকৈ সংঘৰ্ষ আৰম্ভ হৈছিল (Fresh clashes in Manipur) । সেনাৰ এগৰাকী শাৰ্ষ বিষয়াই উল্লেখ কৰা অনুসৰি, “আমাৰ তথ্য অনুসৰি, কাকচিঙৰ চুগনু, চুৰাচান্দপুৰৰ কাংভি, ইম্ফল পশ্চিমৰ কাংচুপ, ইম্ফল পূবৰ চাগোলমাং, বিচেনপুৰৰ নুংগোইপোকপি, ইম্ফল পশ্চিমৰ খুৰখুল আৰু কাংপোকপিৰ ৱাইকেপিৰ পৰা গুলীচালনাৰ খবৰ পোৱা গৈছিল” ।

ইফালে মহিলাৰ দ্বাৰা পৰিচালিত অঞ্চলসমূহতো নতুনকৈ পথ অৱৰোধও আৰম্ভ হৈছে । কাকচিং আৰক্ষী থানাৰ পৰা এটা মেইটেই গোটে অস্ত্ৰ শস্ত্ৰ লুটি নিয়াৰ এক অসমৰ্থিত খবৰও পোৱা গৈছে বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । মেইটেই সম্প্ৰদায়ৰ লোকসকলে অনুসূচিত জনজাতি (ST)ৰ মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত ৩ মে’ত পাহাৰীয়া জিলাসমূহত ‘জনজাতি সংহতি মাৰ্চ’ৰ আৰম্ভ কৰাৰ পিছতে প্ৰথমে মণিপুৰত ৭৫ জনৰো অধিক লোকৰ প্ৰাণ হেৰুওৱা জাতিগত সংঘৰ্ষৰ সূচনা হৈছিল।

এই হিংসাত্মক পৰিস্থিতিৰ পূৰ্বে সংৰক্ষিত বনাঞ্চলৰ পৰা কুকি গাঁৱৰ লোকসকলক উচ্ছেদ কৰাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল, যাৰ পৰিণতিত ধাৰাবাহিকভাৱে সৰু সুৰাকৈ আন্দোলন আৰম্ভ হৈছিল। মণিপুৰৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেইসকলৰ অধিকাংশই ইম্ফল উপত্যকাত বাস কৰে । জনজাতীয় নগা আৰু কুকি জনসংখ্যাৰ আন ৪০ শতাংশই পাহাৰীয়া জিলাসমূহত বাস কৰি আহিছে ।

উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ এই ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবৰ বাবে অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ উপৰিও ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ ১০ হাজাৰৰো অধিক জোৱানক লৈ প্ৰায় ১৪০টা বেটেলিয়ান নিয়োগ কৰিবলগীয়া হৈছে ।

লগতে পঢ়ক: Curfew relaxed in Manipur: হিংসা জৰ্জৰ মণিপুৰৰ বিভিন্ন স্থানত শিথিল কৰা হৈছে সান্ধ্য আইন