Local, Vocal, Global

তিনিখন ৰাফেল বিমান আজি ভাৰত পাবহি ফ্ৰান্সৰ পৰা

তিনিখন ৰাফেল বিমান আজি ভাৰত পাবহি ফ্ৰান্সৰ পৰা
ভাৰতৰ লগত ফ্ৰান্সৰ হোৱা চুক্তিৰ পৰিপ্ৰেক্ষিতত আজি নিশা তিনিখন ৰাফেল যুঁজাৰু বিমান ভাৰত পাবহি । এনে ১৭ খন ৰাফেল ইতিমধ্যে ভাৰতলৈ অনা হৈছে । ভাৰতীয় বায়ু সেনাবাহিনীত এনে ৩৬ খন দুটা ইঞ্জিনযুক্ত ৰাফেল বিমান অন্তৰ্ভুক্ত কৰা হব ।২০১৬ চনত হোৱা চুক্তি অনুসৰি ৫৯,০০০ কোটি টকা ব্যয়সাপেক্ষে ৰাফেল বিমানকেইখন ক্ৰয় কৰিছে ভাৰতে । আটাইকেইখন বিমান অহা বছৰৰ ভিতৰতে ভাৰত পাবহি ।