Local, Vocal, Global

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক

নিউজ ডেস্ক, ২৪ মাৰ্চঃ বৃহস্পতিবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে। ১৬ মাৰ্চত মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে এইখন ভগৱন্ত মানৰ প্ৰথমখন বৈঠক।

শেহতীয়াকৈ পঞ্জাৱৰ বিধানসভা নিৰ্বাচনত আপে মুঠ ১১৭ খন আসনৰ ভিতৰত ৯২ খন আসন লাভ কৰিছিল। চাংৰুৰ জিলাৰ ধুৰী বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা মানে কংগ্ৰেছ নেতা দলবীৰ সিং গোল্ডিক ৫৮,০০০ তকৈও অধিক ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল।

উল্লেখযোগ্য যে, মোদীয়ে ১৬ মাৰ্চত টুইটাৰযোগে আম আদমী পাৰ্টিৰ নেতা ভগৱন্ত মানক পঞ্জাৱৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে অভিনন্দন জনাইছিল। প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি কয় যে পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ভগৱন্ত মানক অভিনন্দন জনাইছো। আমি পঞ্জাৱৰ উন্নয়ন আৰু ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণৰ বাবে একেলগে কাম কৰিম।