মহানগৰীৰ চন্দ্ৰপুৰৰ পানবাৰীত উদ্ধাৰ হাত ভৰি বন্ধা এজন অচিনাক্ত যুৱক

নিউজ ডেস্ক, ২৪ মাৰ্চ : ৰাজ্যখনত দিনক দিনে বৃদ্ধি পাইছে ধৰ্ষণ-হত্যাৰ দৰে জঘন্য ঘটনা। গুৱাহাটীৰ পানীখাইতীৰ ঘটনাৰ চাঞ্চল্যৰ মাৰ নাযাওঁতেই এইবাৰ পুনৰ চন্দ্ৰপুৰৰ পানবাৰীত উদ্ধাৰ হৈছে হাত ভৰি বন্ধা এজন অচিনাক্ত যুৱক।
উল্লেখযোগ্য যে, পানবাৰীৰ মিছামাৰীত ৰেলপথত অচেতন অৱস্থাত উদ্ধাৰ যুৱকজন। মূৰত গুৰুতৰভাৱে আহত অচিনাকি যুৱকজনক কোনো দুৰ্বৃত্তই মাৰপিট কৰি হাতত গামোছাৰে বান্ধি ৰেলপথৰ ওপৰত পেলাই থৈ যায়।

আনহাতে, নিশা ৰেলপথত নিয়মীয়া কৈ তহল দি থকা ৰেল কৰ্মচাৰীয়ে অচেতন অৱস্থাত উদ্ধাৰ কৰে। ৰেল কৰ্মচাৰীয়ে অচিনাকি যুৱকজনক প্ৰত্যক্ষ কৰি ৰেল আৰক্ষীক খৱৰ দিয়ে। বৰ্তমান ঘটনাৰ ওপৰত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।