Local, Vocal, Global

বীৰভুম হিংসা গোচৰত নিহত হোৱা পৰিয়াললৈ মমতা বেনাৰ্জীৰ আৰ্থিক ক্ষতিপূৰণ ঘোষণা

নিউজ ডেস্ক, ২৪ মাৰ্চঃ বুধবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বীৰভূম জিলা পৰিদৰ্শনৰ বাবে যোৱাৰ প্ৰাকমুহূৰ্তত পুনৰ এজন তৃণমূল কংগ্ৰেছৰ সদস্যক হত্যা কৰে দুৰ্বৃত্তই। নিহত সদস্যজন সহদেৱ মণ্ডল বুলি জানিব পৰা গৈছে।

ইয়াৰপিছতেই, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিহত পৰিয়ালৰ আত্মীয়সকলক সাক্ষাত কৰি আশ্বাস দিয়ে । মুখ্যমন্ত্ৰীয়ে ঘটনাস্থলীত উপস্থিত আৰক্ষী বিষয়াসকলক দূৰ্বৃত্তসকলক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে।


মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বীৰভূম হিংসাত নিহত প্ৰতিজন আত্মীয়ক ৫ লাখ টকাৰ চেক প্ৰদান কৰে। লগতে তেঁও জিলা দণ্ডাধীশক ক্ষতিগ্ৰস্ত পৰিয়ালবোৰলৈ তৎক্ষণাত ২লাখ টকাকৈ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰোপৰি মুখ্যমন্ত্ৰীৰ কোটাৰ পৰা মৃতকৰ আত্মীয়ৰ বাবে চৰকাৰী চাকৰি দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে।