Local, Vocal, Global

Public Works Road Department : ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ এক নতুন নিৰ্দেশনা

নিউজ ডেস্ক, ১০ আগষ্ট : ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ আন এক নতুন নিৰ্দেশনা(Public Works Road Department) ।ঠিকাদাৰসকলৰ বাবে ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ এক নিৰ্দেশনা। নিৰ্দেশনা মতে, ঠিকাদাৰসকলে এতিয়াৰে পৰা পঞ্জীয়নৰ বাবে ভৰিব লাগিব মোটা অংকৰ ধন। বৃদ্ধি পালে ঠিকাদাৰৰ পঞ্জীয়ন মাচুল।এতিয়াৰে পৰা ঠিকা নকৰিলেও ঠিকাদাৰে উভতাই নাপাব পঞ্জীয়ন মাচুল। ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ এক নতুন নিৰ্দেশনা ।

৮ আগষ্টত ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ আয়ুক্ত চন্দন শৰ্মাই স্বাক্ষৰ কৰে এক নিৰ্দেশনা পত্ৰ । এই নিৰ্দেশ পত্ৰত কোৱা হৈছে যে , এতিয়াৰে পৰা লোকনিৰ্মাণ (পথ ) বিভাগৰ ঠিকাদাৰসকলে পঞ্জীয়ন আৰু নবীকৰণৰ নামত ভৰিব লাগিব ধন।

এতিয়াৰে পৰা প্ৰথম শ্ৰেণীৰ (ক)ৰ বাবে পাঁচ লাখ টকা, প্ৰথম শ্ৰেণীৰ(খ)ৰ বাবে দুই লাখ টকা, প্ৰথম শ্ৰেণীৰ (গ)ৰ বাবে এক লাখ টকা , দ্বিতীয় শ্ৰেণীৰ বাবে পঞ্চাশ হাজাৰ টকা আৰু তৃতীয় শ্ৰেণীৰ ঠিকাদাৰ বাবে ২৫ হাজাৰ টকাৰ পঞ্জীয়ন মাচুল নিৰ্ধাৰণ কৰা হৈছে ।

ইফালে , এই নিৰ্দেশনাত কোৱা হৈছে যে, মাচুল এককালীনভাৱে জমা দিব লাগিব আৰু এই মাচুল ঘূৰাই দিয়া নহ’ব বুলিও উল্লেখ কৰে নিৰ্দেশনাত(Registration of cotractors increased pwd department issued notification)।

ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ এই নিৰ্দেশনাৰ পিছতে এতিয়াই বিমোৰত পৰিছে বহু ঠিকাদাৰ। কাৰণ ৰাজ্যত বহুটো শিক্ষিত নিৱনুৱা আছে আৰু যাৰ ফলত ৰাজ্যত নিবনুৱাৰ সমস্যা আছে । বহু শিক্ষিত যুৱকে ঠিকাদাৰীকে পেচা হিচাপে বাছি লয় । আৰু এনে সিদ্ধান্ত ফলত এতিয়াই মাচুল বৃদ্ধিয়ে চিন্তাত পেলাইছে বহুতলোকক।

আনহতে চৰকাৰৰ হঠাৎ এনে দৰে মাচুল বৃদ্ধি কৰাক লৈ এতিয়াই প্ৰশ্ন উত্থাপন কৰিছে বহুটে । এই সিদ্ধান্তই ৰাজকোষ টনকিয়াল কৰিবলৈ লোৱা হৈছে বুলি বহুতে প্ৰশ্ন উত্থাপন কৰিছে।

কাৰণ বৰ্তমান ৰাজ্যত ঠিকাদাৰৰ সংখ্যা বেছি ।ৰাজ্যত লোকনিৰ্মাণ (পথ) বিভাগত প্ৰায় দহ হাজাৰ ঠিকাদাৰ আছে। তেনে ক্ষেত্ৰত এই মাচুল বৃদ্ধিয়ে নানা প্ৰশ্নৰ উত্থাপন কৰিছে । এই বৰ্ধিত মাচুল বৃদ্ধিৰ জৰিয়তে চৰকাৰে এক বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ পাং পাতিছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে।

লগতে পঢ়ক :Short film released in Jamugurihat : জামুগুৰিহাটত SPB প্ৰডাকচনৰ বেনাৰত ছুটি ছৱি “পৰিচয়“ৰ শুভমুক্তি