Local, Vocal, Global

Cabinet Meeting : ITI নামভৰ্তিত সংৰক্ষণ নীতি আৰু ক্ৰীড়া প্ৰতিভাক উৎসাহ যোগোৱাৰ অৰ্থে খেল মহাৰণৰ সিদ্ধান্ত

নিউজ ডেস্ক, ১০ আগষ্ট : বুধবাৰ ৯ আগষ্টত নতুন দিল্লীত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰা হয়(Cabinet Meeting )। নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেট এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন দিল্লীত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ এই কেবিনেটৰ বৈঠকত ITI নামভৰ্তিত সংৰক্ষণ নীতি, ক্ৰীড়া প্ৰতিভাক উৎসাহ যোগোৱাৰ অৰ্থে খেল মহাৰণ আৰু খাদ্য, অসামৰিক যোগান বিভাগৰ পুনৰ নামকৰণকে ধৰি কেবিনেটত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় (Reservation policy in ITI admissions and decision of to encourage sports talent) ।

বুধবাৰৰ কেবিনেটত ক্ৰীড়া ক্ষেত্ৰখনৰ গুৰুত্বপূৰ্ণ সিধান্ত লোৱা হয় । ক্ৰীড়া প্ৰতিভাক উদ্বুদ্ধ কৰাৰ বাবে তৃণমূল পৰ্যায়ত ক্ৰীড়া প্ৰতিভা চিনাক্তকৰণ আৰু বিকাশৰ বাবে অনুষ্ঠিত কৰা হ’ব খেল মহাৰাণ ৷ এই অনুসৰি খেল মহাৰাণত ৫০ লাখতকৈ অধিক খেলুৱৈয়ে পাঁচটা ক্ৰীড়া শাখাত প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰিব পাৰিব ৷ এথলেটিকছ (১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ), ফুটবল, কাবাডী, ভলীবল আৰু খো-খো আদি এই ৫ টা শাখাত অনুষ্ঠিত হ’ব খেল মহাৰাণৰ প্ৰতিযোগিতাসমূহ ।

আনহাতে এই খেলখন ৪টা বয়সৰ শাখাত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব । শাখাসমূহ হৈছে ১৯ বছৰৰ তলৰ (পুৰুষ), ১৯ বছৰৰ তলৰ (মহিলা), ১৯ বছৰৰ ওপৰৰ (পুৰুষ), ১৯ বছৰৰ ওপৰৰ (মহিলা)প্ৰতিযোগীহে থাকিব পাৰিব ৷ বিধানসভা সমষ্টি পৰ্যায়ৰ পৰা জিলা পৰ্যায় আৰু ৰাজ্যিক পৰ্যায়ত হ’ব প্ৰতিযোগিতাসমূহ ৷

গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, কোকৰাঝাৰ আৰু ডিফুত শেষ পৰ্যায় অৰ্থাৎ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ প্ৰতিটো স্থানতে একো একোটা বিশেষ শাখাৰ চূড়ান্ত ইভেণ্ট অনুষ্ঠিত হ’ব ৷ OBC আৰু MOBCS ৰ বাবে ITIত আসন সংৰক্ষণ কৰা হ’ব । পিছপৰা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীৰ ন্যায্য প্ৰতিনিধিত্ব সুনিশ্চিত কৰিবলৈ অনুমোদিত OBC আৰু MOBC শিতানৰ অধীনত আহোম, মৰাণ, মটক, চুতীয়া, কোঁচ ৰাজবংশী জনগোষ্ঠী আদিৰ বাবে আই টি আইত নামভৰ্তিৰ বাবে সংৰক্ষণ নীতি গ্ৰহণ কৰা হৈছে বুধবাৰৰ কেবিনেটে । আনহাতে ২৭ শতাংশ OBC আৰু MOBC সংৰক্ষণৰ বিপৰীতে আইটিআইত সংৰক্ষিত আসনৰ বিভাজন এনে ধৰণৰ হ’ব ২১৩ খন কোচ ৰাজবংশী, ১৬৪ খন তাই আহোম, ১৪৭ চুতীয়া, মৰাণ সকলৰ বাবে ১৩১ খন, ম‍টক সকলৰ বাবে আসন ১৩১ খন আসন ৷

লগতে পঢ়ক : Cabinet Meeting : আশাকৰ্মী আৰু ছুপাৰভাইজৰলৈ ৰাজ্য চৰকাৰৰ নিয়ম সাপেক্ষে বিশেষ অনুদানৰ কেবিনেট সিদ্ধান্ত গ্ৰহণ